আমাৰ সমাজ ।।
বিচিত্ৰ ইয়াৰ ৰং
প্ৰকৃতি , ধৰণ , কৰণ
আৰু গতি ।।
নিজৰ পোহৰেৰে
নিজে জ্বলি উঠা ।।
তেতিয়া দুখ লাগিব
হিয়া উজাৰি কান্দিবা
কিন্তু
মনত ৰাখিবা
দুখ কিম্বা খং
তোমাৰ আত্মীয় নহয় ।।
মাটিত থিয় হৈ
আকাশ চুবৰ
হাবিয়াস কৰিবা ।।
তুমি তুমি হৈ থকাৰ
চেষ্টা কৰিবা ।।
◾হেমেন হাজৰিকা
ৰাণী,কামৰূপ,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ