অনুপ্ৰেৰণা-আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
লাষ্ট বেঞ্চৰ ছাত্ৰৰ লগত কোনেও বন্ধুত্ব নকৰে, কৰিলেও অৱহেলাৰ বাহিৰে একো নাই, কিন্তু বছৰৰ পিছত সেইজন ল'ৰা গোল্ড মেডেল লৈ কলেজ শেষ কৰে। তেওঁ সলনি হোৱাৰ আৰত আছে বহুতৰে অৱহেলা আৰু বিশেষ কাৰোবাৰ অনুপ্ৰেৰণা।

ফাষ্ট বেঞ্চত বহি  সকলো সময়ত প্ৰথম হোৱা  ল'ৰা জনক সকলোৱে ভাল পায়। তাৰ লগত সকলোৱে বন্ধুত্ব কৰিব বিচাৰে, সকলোৱে ভাল বুলি ভবা ল'ৰা জনে এটা সময়ত মাতাল হৈ ঘৰত আহে, তেওঁৰ মাতাল হোৱাৰ আঁৰত আছে কাৰোবাৰ অৱহেলা আৰু প্ৰতাৰণা।
যিজন ল'ৰা সদায় ৰাস্তাৰ কাষত থাকি ছোৱালী বিলাকক বিৰক্ত কৰিছিল সিও এটা সময়ত পৰিৱৰ্তন হয়। হৈ পৰে বহু ব‌্যস্ত । তেওঁৰ এই ব্যস্ততা আৰু ভাল হোৱাৰ আঁৰত হাজাৰ হাজাৰ মানুহৰ অবৱহেলা বা বিশেষ কাৰোবাৰ অনুপ্ৰেৰণা লুকাই আছে।
যিজন ব্যক্তিয়ে তেওঁৰ প্ৰিয় মানুহ জনৰ  পৰা এটা মেচেজ পোৱাৰ অপেক্ষাত গোটেই ৰাতি উজাগৰে থাকি ৰাতি সমাপ্তি কৰিছিল , তেওঁ এদিন পৰিৱৰ্তন হৈ যায়।এই পৰিৱৰ্তনৰ পিছত সেই প্ৰিয় মানুহজনৰ হেজাৰ অৱহেলাৰ সন্মুখীন হৈয়ো নিজকে পৰিৱৰ্তন কৰি লয়।
যিজন ল'ৰাই ভাবিছিল কেতিয়াও প্ৰেম ভালপোৱা তাৰ জীৱনত নাহিব বুলি, তেওঁ এদিন প্ৰেমত পৰি যায় কোনো এক মায়াৱতীৰ । যাৰ হাজাৰ কেয়াৰিং,শেয়াৰিঙে মুগ্ধ কৰিছিল।
যি ল'ৰা নিজকে ৰোমিও ভাবি   হেজাৰ হেজাৰ ছোৱালীৰ মনলৈ প্ৰতাৰণা কৰিছিল, কোনো সময়ত তেওঁ এদিন অকলশৰীয়া হৈ যায়,একাতিক্তৰ  মাজত পাৰ কৰিবলগীয়া হয় জীৱনৰ বহু সময়, তেওঁৰ ওচৰত কোনেও নথকাৰ কাৰণ হয়তো বহু ছোৱালীৰ মন ভঙাৰ অভিশাপ।
যিজন ল'ৰা অকল বেকাৰ থকাৰ কাৰণে  ধুনীয়া ছোৱালী বোৰে  নে ভাল পাইছিল নে তেওঁৰ লগত বিয়াত বহিবলৈ মান্তি হৈছিল, বিশ্বাস কৰক সেই জন ল'ৰা এদিন কোনো ডাঙৰ কোটিপতিৰ ৰাজকন্যাক নিজৰ যোগ্যতাত বিয়া কৰিছিল। তেওঁৰ পৰিৱৰ্তনৰ পিছত হাজাৰ মানুহৰ অৱহেলা বা বিশেষ কাৰোবাৰ অনুপ্ৰেৰণা আছিল।
যি ব্যক্তিয়ে কোনো সময়ত দিন ৰাতি মাতাল হৈ ৰাস্তাৰ কাষত পৰি আছিল, তেওঁ এদিন পৰিৱৰ্তন হৈ গ'ল, তেওঁৰ এই পৰিৱৰ্তনৰ পিছতো কোনো বিশেষ এজনৰ হাত আছে।
 যিজন মানুহে কাৰো কোনো কথা নাৰাখিছিল , নিয়মীয়াকৈ অকল মিছা কথা কৈছিল, তেওঁ এদিন কাৰোবাৰ প্ৰতিশ্ৰুতি ৰাখিবলৈ এতিয়া সচাঁ কথাৰ অভ্যাস কৰিছে।
আজি যিবিলাক ল'ৰা ছোৱালী কিছু টকাৰ কাৰণে ভাল কোনো শিক্ষকৰ ওচৰত কোচিং ল'ব পৰা নাই। এটা সময়ত এওঁলোকে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিব। বহুতো অসহায় ল'ৰা ছোৱালীক টকা নোলোৱাকৈ লিখা পঢ়া শিকাব, এওঁলোকৰ এনে শক্তিয়ে দ্ৰুত গতিত কাম কৰিব কাৰণ কোনো সময়ত এওঁলোক ও অৱহেলিত আছিল।
আজি যিবিলাক ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰিবলগীয়া হৈছে , কোনো সময়ত এইসকল ল'ৰা ছোৱালীয়ে জিলা বিভাগৰ বা দেশৰ কোনো উন্নত মানৰ চিকিৎসালয়ত চিকিৎসক হৈ হাজাৰ মানুহৰ চিকিৎসা বিনামূলীয়াকৈ কৰিব।
যিজন মানুহে বেলেগৰ ফেচবুক পোষ্ট নোবোজাকৈ মন্তব্য কৰিছিল, মনে যি বিচাৰিছিল তাকেই কমেন্ট কৰিছিল, তাৰ ফলত বহুতে আনফ্ৰেণ্ড কৰিছিল। এদিন তেওঁৰ টাইমলাইনত ভাহি থকা কোনো পোষ্ট অনুযায়ী মন্তব্য নকৰিলে আনফ্ৰেণ্ড কৰিছিল। এনেধৰণৰ উদাহৰণ আমাৰ চাৰিওফালে ভৰি আছে, অলপ ভালকৈ প্ৰত্যক্ষ কৰিলে এইবিলাক আমাৰ চকুৰ আগত ভাহি উঠে । য'ত কাৰোবাৰ অলপ ভালপোৱা, অনুপ্ৰেৰণা পাই কাৰোবাৰ জীৱন সলনি হৈছে আকৌ কাৰোবাৰ অৱহেলা পাই সুন্দৰ আৰু সজাই ৰখা জীৱনটো নষ্ট হৈ গৈছে।

জীৱনটো সচাঁই বৰ অদ্ভূত!!
জীৱন যাত্ৰাত বহুতো ঘটনা ঘটি যায়, আমি অনুভৱ কৰিব নোৱাৰোঁ।
কিয় কওঁকচোন ?
আচলতে জীৱনটো সচাঁই বৰ  আনপ্ৰেদিক্টেবুল।
চলন্ত জীৱনত হঠাৎ কোনোবা এজন সোমাই জীৱনটোক  একেবাৰে মেজিকৰ নিচিনা সুন্দৰ কৰি দিয়ে, চাৰিওফালে তেতিয়া বৰ ভাল অনুভৱ হয়। এনেকুৱা অনুভৱ হয় যেন কোনো ছবিৰ নিচিনাকৈ হৃদয়ত সজাই ৰাখিছোঁ। জীয়াই থাকিবলৈ ইচ্ছা হয়। তেতিয়া ভাল পাবলৈ আৰু নিজকে ভাল ৰাখিবলৈ চেষ্টা কৰোঁ।
কিন্তু হঠাৎ ভাগ্যদেৱীৰ কোনো এক অদ্ভূত পৰিহাসে ,নিয়ৰৰ  দুপৰীয়া বৰষুণৰ নিচিনা হঠাৎ তেওঁ গুচি যায়।
আপুনি বুজি উঠাৰ আগতেই আপোনাৰ চাৰিওফালে সকলো কিছু কেনেকুৱা যেন আউল বাউল হৈ পৰে। হঠাৎ পোৱা এই সুখ আপোনাৰ জীৱনৰ কাল হৈ পৰে। ঘটনাৰ আকস্মিকতাত যেতিয়া আপুনি অলপ গভীৰ ভাৱে চিন্তা কৰিব তেতিয়া চাৰিওফালে থকা আপোনাৰ প্ৰিয় মানুহ বিলাক যেন সলনি হৈ গৈছে। সলনি হৈছে তেওঁলোকৰ আচাৰ ব্যৱহাৰ । তেতিয়া মাজে মাজে মনত পৰিব জীৱনৰ  সকলো কিছু যেন শেষ হৈ গ'ল , স্থিৰ হৈ ৰ'ল জীৱন। তথাপিও দিনৰ শেষত আপুনি নিজকে আগুৱাই নিব, মিলাই ল'ব , কিয় কওঁকচোন  ?
কাৰণ জীৱনটো এটাই!
অতি কম সংখ্যক মানুহ আছে যিজনে তেওঁৰ প্ৰিয় মানুহজনক লগত লৈ গোটেই জীৱন একেলগে চলিব পাৰে । তেওঁলোক  সদায় ভাগ্যৱান আৰু ভাগ্যৱতী হয়।

পৃথিৱীত কোনেও পাৰ্ফেক্ট নহয় আকৌ অযোগ্য নহয়।  কোনো স্থানত তেৱেঁই প্ৰথম । সেই কাৰণে কেতিয়াও কাকো অবৱহেলা ইগ্নোৰ নকৰা ভাল, যি যেনেকুৱাই হওঁক সময়ত কেতিয়া কাক কেনে স্থানত অৱস্থিত কৰি মধুৰ প্ৰতিশোধ ল'ব আমি কোনেও কেতিয়াও নাজানো আৰু আগতিয়াকৈ ক'ব নোৱাৰিম।


◾আব্দুল কাদেৰ মিঞা (দ: শালমাৰা মানকাচাৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)