দেউতাৰ ঘৰলৈ বহুদিন পিছত আহিছোঁ। যেতিয়াই ঘৰত আহোঁ তেতিয়াই মোৰ ল'ৰা ছাকলিন অসুস্থ হয় বিশেষকৈ পানীৰ কাৰণে, এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। ৰাতিপুৱাতে মূৰটো অলপ গৰম হোৱাত দেউতাক ক'লো যে ছাকলিনৰ অলপ জ্বৰ-জ্বৰ লাগিছে, ডাক্তৰক দেখুৱাব লাগিছিল নহয়? পিছত দেউতাই ক'লে বজাৰত মোৰ দোকানৰ সন্মুখত শিশুৰ ডাক্তৰ এজন আছে বৰ ভাল, মোৰ চিনাকি হয়, তালৈ পিছবেলা লৈ যাবা।
মোৰ দেউতা এজন সাধাৰণ ব্যৱসায়ী, সাপ্তাহিক বজাৰত গেলামাল দোকান দিয়ে, ভাল মনৰ, খুব সহজ-সৰল, মানুহ। দুপৰীয়া ছাকলিনৰ জ্বৰ অলপ বঢ়াত নাক-মুখ ৰঙা হ'ব ধৰিছে। মই আৰু স্থিৰে থাকিব নোৱাৰিলোঁ। কেনেবাকৈ কাপোৰ এজোৰ পিন্ধাই ততাতৈয়াকৈ যাবলৈ ওলালোঁ। ভালকে চিনিও নাপাওঁ, সৰুতে এবাৰ দেউতাৰ লগত গৈছিলো এতিয়া পাহৰিলোঁ। ই-ৰিক্সা এটাক দেউতাৰ কথা কোৱাত চিনি পালে। দেউতা সাধাৰণ ব্যৱসায়ী হ'লেও বহুত পুৰণি, প্ৰায় ৩০বছৰ ধৰি মোৰ জন্মৰ আগৰপৰাই দোকান চলাই আছে। ইমান সময় গৈ থাকোতেও ৰাস্তা যেন শেষ নহয়, এনেও ৰাস্তাৰ অৱস্থা বৰ বেয়া। থেকেচা খাই খাই বুকুত দুখ পাই আছোঁ। অৱশেষত গৈ পালোঁ বজাৰ, বজাৰত বহুত ভিৰ। কোনটো দেউতাৰ দোকান চিনিব পৰা নাই। এনেতে ই-ৰিক্সা দেউতাৰ দোকানৰ সন্মুখতে ৰখালে। দোকানখনৰ সন্মুখত বহুত গ্ৰাহকৰ ভিৰ দেউতাক দেখাই নাযায়, অলপ সময় ৰৈ থকাত দেউতাই দেখা পালে। দেউতাক দেখিয়েই দুচকুত পানী আহি গ'ল, মিচিকিয়া হাঁহি এটি মাৰি ক'লে এইটো ফাৰ্মাচিত যোৱা, মোৰ কথা ক'বা মই অলপ আজৰি হৈ আহি আছোঁ।
কথামতে গৈ ডাক্তৰ দেখাই সন্মুখত থকা চকীত বহি চাই আছোঁ দেউতাৰ শুকান মুখৰ পিনে, দুচকুৰ পানীৰে কেনেকৈ যে মোৰ বুকুৰ কাপোৰ তিতিল ক'বই নোৱাৰোঁ। দেউতাৰ ভাগৰ নালাগেনে! কেনেকৈ অকলে অকলে চম্ভালে দোকান, ইমান গ্ৰাহক মাল ঠিক কৰাত নাজানো কিমান সময় লাগে। কোনেওতো সহায়ো নকৰে। বৰষুণ আহিলেও ইয়াতেই তিতিব লগা হয়। ওপৰত ভাল এখন চালিও নাই। বহুত ৰাতিলৈ ঘৰত উভতে, কেতিয়াবা গৈ আমাক টোপনিত পায়। অথচ আমি দেউতাৰ ইমান কষ্ট ত্যাগ কেতিয়াও উপলব্ধি কৰা নাই। চাওঁতে চাওঁতে নামাজৰ সময় হৈ গ'ল, মাতি নি মোক ক'লে মা মই নামাজ পঢ়ি আহোঁ ছাকলিনক লৈ অলপ বহা। পিছত তেওঁক লৈ বজাৰ কৰিম।
এনেকৈয়ে সদায় ৰ'দে-বৰষুণে দোকান চলাই আছে। এই দোকান চলায়েই আমাৰ তিনিও জনীকে লিখা-পঢ়া কৰাইছে,পকা ঘৰ সাজিছে, সপোনৰ গাড়ী লৈছে, উলহ-মালহেৰ আমাক বিয়া দিছে।
ইমান ডাঙৰ হৈ গৈছোঁ। কেতিয়াও অভাৱ কি বুজিব দিয়া নাই। নিজৰ সমস্ত সুখ বিসৰ্জন কৰি কিমান কষ্ট কৰিছে। আজি নিজ চকুৰে দেউতাৰ এনে কষ্ট দেখি অন্তৰ আত্মা কান্দি উঠিছে।
বি.দ্ৰ: মা-দেউতা জীৱিত থকা অৱস্থাত তেখেত সকলৰ দুখ-কষ্ট গভীৰ মনেৰে সকলোৱে উপলব্ধি কৰিবলৈ চেষ্টা কৰক। মৰি গ'লে বছৰেকীয়া পাতি লাভ নাই। যিমান পাৰে মাক-দেউতাৰ যত্ন লওঁক। কিয়নো মা-দেউতাক আনন্দত ৰাখিব পাৰিলেহে ইহকাল আৰু পৰকাল শান্তিময় হ'ব।
◾আসাদ মদনী
নাগাবন্দা (নগাঁও)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ