ব্যৰ্থ নে প্ৰেম-হেমন্ত বৰুৱা

Rinku Rajowar
0
পাহৰিবলৈ হাজাৰ চেষ্টা কৰিও
সকলো যেন ব্যৰ্থ
সেয়ে মই পাহৰিব নোখোজো 
স্মৃতি বোৰ স্মৃতি হৈ থাকক
অনুভূতি বোৰে ইয়াক
মামৰে ধৰিব দিয়া নাই ।
অপেক্ষানো কি কৰিম ?
একপক্ষীয় প্ৰেমত
ক'ব নোৱাৰিয়েই ।
আৰু যদি প্ৰিয় জনে বুজিছিল
তেন্তে সময়ে সুযোগ 
নিদিলে হয়তো।
বাকী ৰৈ গ'ল
সেই ভাল লগা অনুভৱবোৰ....
তাৰ বাবেইটো এই কবিতাবোৰ
আৰু তাৰ মাজতে
জীয়াই ৰাখিছোঁ স্মৃতিবোৰ !
এতিয়া কোৱা
মোৰ প্ৰেম ব্যৰ্থ নে ?

◾হেমন্ত বৰুৱা 
ননৈ, নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)