প্ৰখ্যাতজনৰ অখ্যাত নাৰীৰ ব্যথা-ধীৰাজ গোস্বামী

©Admin
0
হে'  মোৰ প্ৰিয় শ্ৰোতা
নীৰৱে অতি মনোযোগেৰে 
কাণ পাতি শুনা, মোৰ জীৱন ব্যথা

মোৰ শৈশৱৰ দুখবোৰ 
ভঙা-ছিঙা সুখৰ আছিল

মোৰ কৈশোৰকালৰ দুখবোৰ
 কাৰোবাৰ ক্ষত বিক্ষত হাবিয়াসৰ আছিল

আৰু মোৰ যৌৱনৰ দুখবোৰ আছিল
মাজৰাতিৰ দুস্বপ্নৰ একো একোটা ভগ্নস্তুপ

হে' মোৰ প্ৰিয় শ্ৰোতা
মই জীয়াই আছিলোঁ 
ঘোৰ অন্ধকাৰত খেপিয়াই খেপিয়াই
 অলপ পোহৰৰ আশাত 
শিলৰ চোলা পানীৰ বেজিৰে হীৰ
ঢাকি ৰখা যৌৱনৰ ভৰ বহন কৰি 

মোৰ অবচেতন মনৰ
সক্ৰিয় পঞ্চইন্দ্ৰিয়ত প্ৰায়ে প্ৰতিধ্বনিত হৈছিল
 পোহৰ হোৱাৰ আগত এন্ধাৰ ঘন হোৱাৰ কথা
কাণত বাজিছিল আইৰ মুখৰ শেষ কথা
হাৰি নাযাবি...যুঁজি যা...যুঁজি যা...
পিছলৈ নাচাবি সোণ,আগলৈ যা...

হে মোৰ প্ৰিয় শ্ৰোতা
কাণ পাতি শুনা  মোৰ জীৱন ব্যথা

কোনোবা  এটি বসন্তত
চিঁৰাল ফাট মেলা হৃদয়খনৰ লগত
চুক্তি হৈছিল জীপাল কৰাৰ প্ৰতিশ্ৰুতিত এখন উৰ্বৰ হৃদয়ৰ
আৰু ! মই হৈ পৰিলোঁ
মোৰ নিজা সমষ্ট পৰিচয় একাষৰীয়া কৰি
জীৱীতৰ সমৱেশত নিৰ্জীৱ সাক্ষীৰে
প্ৰখ্যাতজনৰ অখ্যাত পত্নী

আজিকালি প্ৰখ্যাতজনৰ গুনমুগ্ধৰ আগত
কেতিয়াবা মোৰ পাৰিশ্ৰমিক পাওঁ 
সহধৰ্মিণী ধৰমপত্নী অৰ্ধাংগিনী জীৱনসংগী

আৰু কোনোবা শৰতত শেৱালি নুফুলিলে
বা বসম্তৰ খোপাত গুজিব কপৌ বিচাৰিলে

কোনোবা বৰষাত বৰষুণ নাহিলে
বা গ্ৰীষ্মৰ পছোৱাই হিয়া জুৰ নকৰিলে

পাহৰি যায় মোৰ প্ৰখ্যাত স্বামী
সৰিয়হ ফুলৰ হালধীয়া ঢৌত
আমাৰ দৰে নাৰীও  স্বপ্ন দেখিব পাৰোঁ

হেমন্তত শিমলু কোঁচত ভৰাই ভৰাই
সজোঁৱা গাৰুত হাত বুলাই গাব জানো

আমাৰে মইনা শুব
বাৰীতে বগৰী ৰুব

অথবা আমি গাব জানো

শিয়ালি এ নাহিবি ৰাতি
তোৰে কাণ কাতি লগাই দিম বাতি

হে প্ৰিয় পাঠক শ্ৰোতা 
আজিলৈ এৰিলো
লগ পাম কেতিয়াবা
কোনোবা সুঁতি লোৱা নৈৰ ঘাটত
 আৰু শুনাম প্ৰখ্যাত স্বামীৰ 
অখ্যাত পত্নীৰ অপ্ৰকাশিত জীৱন ব্যথা

হে' মোৰ প্ৰিয় শ্ৰোতা
আপোনালোকে শুনিব
সহানুভূতি দেখুৱাব আৰু ক'ব
সমাজখন তেনেকুৱাই
আপুনি মহিলা মানুহ
compromise sacrifice and
try to adjust...
               Thank you



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)