সময়ৰ অভাৱ নে ধং -সংযুক্তা দত্ত

Rinku Rajowar
0
আজিৰ দিনত মানুহ প্ৰায়ে ব্যস্ত হৈ থাকে। কোনো কাৰো ঘৰলৈ যাবলৈয়ে হাতত সময় নাথাকে। সকলো নিজৰ নিজৰ কামক লৈয়ে ব্যস্ত।আৰু হাতত যিখিনি সময় থাকে সেই সময়খিনিৰ ঠাই ল'লে আমাৰ মোবাইল টোৱে । অৰ্থাৎ আমি আজি কালি মোবাইলৰ যোগেদিয়ে ইজনে সিজনৰ খবৰ লওঁ। ফোন কৰি হওঁক বা মেচেজ কৰিয়েই হওঁক। সেয়া বিয়া মতা বা জন্মদিনৰ শুভেচ্ছা জনোৱা বা কাৰোবাক পৰীক্ষাৰ শুভেচ্ছা দিয়া। আৰু এই মেচেজ আৰু ফোনৰ যোগেদিয়ে আজিকালি সম্পৰ্কবোৰ সু-দৃঢ় হৈ থাকে। কাৰণ আমি নিজে গৈ শুভেচ্ছা জনাব নোৱাৰো কাৰণেই  মোবাইলতে শুভেচ্ছা জনাওঁ। যেতিয়া আপুনি কাৰোবাক মেচেজ দি শুভেচ্ছা জনাব তেতিয়া হাতত অলপ সময় লৈ জনাবচোন। আপুনি যিজনলৈ শুভেচ্ছা বাৰ্তা দিছে তেওঁ হয়তো ভাল পাব। আহিব নোৱাৰিল কি হ'ল ,  শুভেচ্ছা টো তেওঁ ভালকৈ দিছে। মই এই কাৰণেই এনেকৈ লিখিছোঁ যে আজিকালি প্ৰায়ে দেখিবলৈ পোৱা যায় যে - ধৰক আজি আপোনাৰ ঘৰৰ কাৰোবাৰ জন্মদিন আৰু আপুনি ইংৰাজীতে শুভেচ্ছা জনাইছে (hbd) মানে  happy birthday.  আৰু আপুনি সম্পূৰ্ণ নিলিখি লিখিছে (hbd) এইয়া সময়ৰ অভাৱ নে ধং ।  আকৌ চাব চোন  যেতিয়া  আপুনি  কাৰোৱাক ধুনিয়াকৈ( happy birthday .) লিখি পঠিয়াইছে আৰু ইফালৰ পৰা( reply) দিব (tq ) মানে -  (thank you. )  সঁচাকৈয়ে দেখিবলৈ কিন্তু বহুত বেয়া হয়। (thank you ) শব্দটো আমি( full  from) ত লিখিব পাৰো দিয়কচোন ।  আমাৰ হাতত ইমানো সময় নথকা নহয়।  (short from)ত টো  ব্যৱহাৰ কৰিব লাগে কিন্তু  (thank you)  আৰু  ( happy  birthday) আদিত ব্যৱহাৰ নকৰিব দেখিবলৈ বেয়া হয়। যদি হাতত সময় থাকে (full from) তেই  লিখি চাব চোন । আপুনি যিজনলৈ পঠিয়াই তেওঁ হয়তো পঢ়ি ভাল পাব। কাৰণ আজি কালি এইবোৰ একো একোটা ধংত পৰিণত হৈ গৈ আছে।  মই বেলেগৰ কথা নাজানো । মোক কিন্তু এনেকৈ (short from  )ত দিলে বুজি পাওঁতে অলপ দেৰি হয়। এই ধৰক (t y s m) ( hbd) (  tq  ) ( wc ) আদি। এইবোৰ সাধাৰণ শব্দ কিন্তু মই  অলপ দিনতেহে বুজি পাইছো যে (tysm ) মানে যে thank you so much .  এইবোৰ পঢ়ি হয়তো আপোনাৰো হাঁহি উঠিব। উঠক তাত মোৰ ক'বলগীয়া একো নাই । কিন্তু এইবোৰ দেখি যে বেছি হে হাঁহি উঠে । সৰুৰে পৰা ইমান ধুনীয়াকৈ abcd পঢ়ি অহাৰ পাছতো যে আমি বাক্য বোৰ খেলি মেলি কৰি পেলাওঁ । যদিহে পাৰে অলপ সময় উলিয়াই লিখিবচোন ধুনীয়াকৈ। ইমানো  (short from )  বোৰ ব্যৱহাৰ নকৰিব । কাৰণ আজি কালি এইবোৰ ধং লৈ পৰিৱৰ্তন হৈ গৈছে দিনক দিনে। 
                
✍🏻 সংযুক্তা দত্ত।
     দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)