সাৰ্থক-চেমিমা চুলতানা

Rinku Rajowar
0
মনৰ ভিতৰৰ চিন্তাৰ সাগৰখনৰ পৰা
প্ৰশ্ন আহে নিজলৈ.. 
পাৰিম নে জীৱনত 
সফল হবলৈ  ? 

উচ্চ নিচৰ ব্যৱধানে ভৰা
এই সমাজ খনত
পাৰিম নে নিজৰ 
প্ৰতিভাৰে জিলিকিবলৈ ? 

জীৱন যুদ্ধত জয়ী হৈ
বিজয়ৰ হাঁহিৰে এদিন 
আগবাঢ়িম নিজৰ সপোনৰ দিশে
সপোনবোৰেও যেন
ৰৈ আছে মোলৈ 
বৰমালাৰে আদৰিবলৈ। 

ফুলেৰে সজোৱা সুগন্ধি পথেৰে
খোজ দিম মোৰ সপোনৰ ফালে 
সপোনবোৰে সজোৱা দলিচাত বহি
সোঁৱৰিম মোৰ অতিজলৈ... 
অতিতৰ সেই কষ্টবোৰ
তেতিয়া যেন লাগিব মধুৰ
আশাৰে ভৰা সেই জীৱনতো
হ'ব যেন সাৰ্থক।। 

                ✍️চেমিমা চুলতানা
                      মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)