সোঁৱৰণীৰ পৃষ্ঠাত স্মৃতিবোৰ-বিশ্বজিৎ সূত

লুইতৰ পাৰৰ অগ্নিগড়ৰ বুকুত
ঊষা-অনিৰুদ্ধৰ স্মৃতি বিজড়িত
প্ৰেমৰ নগৰীত থাপিত হ'ল
মোৰ মৰমৰ মোৰ সপোনৰ 
তেজপুৰ মহাবিদ্যালয় । 
স্মৃতিবোৰে মোক আজিও ৰিঙিয়াই মাতে
ফুলি থকা কৃষ্ণচূড়াৰ ৰক্ত পুষ্পই
মোৰ ঔ ফুলীয়া দুগালত আজিও
আবিৰৰ ৰং সানে । 
অতীত সদায় অতীত হয়
অতীতৰ মিঠা মিঠা স্মৃতিবোৰ সুঁৱৰি
জীৱনৰ হেৰুওৱা ৰংবোৰ বিচাৰি
উচুপি উঠে মোৰ মৌন হৃদয় । 
জ্ঞানৰ জ্যোতিৰে আলোকিত কৰি
জীৱন বাটৰ বন্তি গছি তুমিয়েই জ্বলালা, 
দুচকুত অযুত স্বপ্ন লৈ
উন্নতিৰ সোপানেদি আগবাঢ়ি গৈ
জীৱনৰ জয় গান গাই
তুমিয়েই শিকালা
পোহৰৰ বাট বিচাৰিবলৈ । 
তোমাৰ ছত্ৰ ছায়াতেই
মহান শিক্ষাগুৰু সকলৰ সান্নিধ্যই
অমাৱস্যাৰ আন্ধাৰ নাশি
শিক্ষাৰ পোহৰ বিলাই
মোৰ বুকুৰ কেনভাছত গঢ়ি তোলে
সফলতাৰ সেন্দুৰীয়া আলি । 
এৰি অহা দিনৰ স্মৃতি সুঁৱৰি
সোঁৱৰণীৰ দলিছাত প্ৰস্ফুটিত হয়
সহপাঠীসকলৰ লগত কটোৱা
সোণালী জয়ন্তী বৰ্ষ গৰকা
তেজপুৰ মহাবিদ্যালয়ৰ
সোণোৱালী দিনৰ সেই স্মৃতিৰ শিলালিপি ।।××।। 


              ✍️ বিশ্বজিৎ সূত
            বালিজান, চতিয়া, বিশ্বনাথ

Post a Comment

Previous Post Next Post