কৰিলে ডাঙৰ
মৌ-সনা মিঠা মাতে
পাহৰি ভাগৰ ।।
জন্মৰ প্ৰথম দিনৰে পৰা যি মোক তুলি-তালি ডাঙৰ- দীঘল কৰিলে সেয়া "মা" যাক কাৰো লগত তুলনা কৰিব নোৱাৰি । পানী কেঁচুৱা অৱস্থাত মায়েই কোলাত তুলি -তালি লৈ ফুৰিছিল। যেতিয়া কান্দি কান্দি থৰ লাগিচিলো , তেতিয়া মায়ে মৰম কৰি কৰি কান্দোন বন্ধ কৰিছিল।মায়ে হাতত ধৰি ধৰি লিখিবলৈ শিকালে । কথা কবলৈ শিকালে।সৰুতে মাক নেদেখিলে এক মূহুৰ্তও কটাব নোৱাৰিছিলো । তেতিয়া মায়ে শুশ্ৰূষা কৰিছিল । প্ৰতিটো ৰাতি উজাগৰে কটাইছিল । এই দৰে মায়ে নিজৰ সুখ - দুখ পাহৰি কেৱল মোৰ সুখৰ বাবেই ইমান কষ্ট কৰিছিল। মোৰ মা অতি মৰমৰ । মাৰ মাতত আমি সকলো দুখ ভাগৰ পাহৰি যাওঁ। সেয়ে আমি মায়ে দুখ পোৱা কাম কৰিব নালাগে । মাৰ সুখৰ বাবেই আমি পঢ়ি - শুনি এজন ভাল মানুহ হ'ব লাগিব। আৰু মায়ে আমাৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰে । মোৰ মা এগৰাকী সু - গৃহিণী আৰু শ্ৰদ্ধাশীল নাৰী । মা হ'ল আমাৰ ঘৰখনৰ চালিকা শক্তি।
সেয়ে কয় , "আই সমান হ'ব কোন ।
নৈৰ সমান ব'ব কোন ।।"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ