ইয়াতকৈ মধুৰ শব্দ পৃথিৱীত নাই,
অসহ্য প্ৰসৱ যন্ত্ৰণা
ভোগ কৰিও
সন্তানক কোলাত তুলি চুমাৰে ও পচাই
মাতৃ দুগ্ধ পাণ কৰি জীয়াই থকা
সন্তানবোৰে দিব পাৰিব নে প্ৰতিদান?
হাজাৰ দূ:খ কষ্ট সহ্য কৰিও
বৃদ্ধ কালত হ'ব লাগে অনেক অপমান।
নিজৰ আনন্দ উল্লাস
কোৰবানী কৰি
সন্তানক মানুহ কৰাৰ স্বাৰ্থত,
শুনিব লাগে
স্বামীৰ গালি
সন্তানৰ বাবে ।
বুজিব নিদিয়ে সন্তানক এই মৰ্ত্যত।
মাকে দেখুৱালে এই লোভনীয় পৃথিৱী
বুজি নাপাওঁ যেন আমি,
ভোকাতুৰ হৈ আহিলে ঘৰলৈ
খাবলৈ দিয়াৰ বাবে মাথোঁ তুমি।
সন্তান বাহিৰলৈ ওলোৱাৰ পাছত
মা কেতিয়াও ঘৰত নুসুমায়,
ঘুৰি ফুৰে চাৰিওপিনে
বাটলৈ চাই
কেতিয়াবা সন্তানে মাত লগায় ?
পৃথিৱীত সকলো পৰ হৈ গলেও
'মা' কেতিয়াও পৰ নহয়,
সংকট কালত বহিলে মাকৰ কাষত
হৃদয়ত শান্তিৰ নিজৰা বয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ