অনুভৱৰ সিপাৰে - শিৱানী বৰুৱা

©Admin
0
ব্যস্ততাবোৰ কিয় ইমান বাঢ়ি আহিব ধৰিছে ?
কলমৰ গতি ও যেন
 লাহে লাহে ৰুদ্ধ হ'ব ধৰিছে ।
এসময়ৰ সপোনৰ পৃথিৱীখন সজাবলৈও আজি 
শব্দহীনতাত ভুগি আছো ।
তাতে আকৌ সময়ে দেখুৱাই হাজাৰটা অজুহাত ,
দিনটোৰ শেষত  
শব্দৰ অভিমান বোৰ সামৰিবলৈও
আজি মই ব্যৰ্থ ...

অন্ধছায়া হৈ নিৰৱতাবোৰে এতিয়া
ভাঙিব বিছাৰে শব্দত
 মুগ্ধ এখনি হিয়া।
অশান্ত মনে 
 বিহগৰদৰে পাখি মেলিলে 
সময়ৰ অযুহাতত 
জীৱনৰ ৰুদ্ধ গতি পথত 
ক্লান্ত পথিক হৈ পৰিব ধৰিছে ।

 তাহানিৰ সেই সূৰ্যাস্ত পথৰ ঠিকনা 
বিলীন হ'ব ধৰিছে আজি আকাশৰ মজিয়াত ।
গভীৰ ৰজনীত মগন হৈ থকা আকাশত
 অন্ধকাৰৰে মাতাল হাঁহি ,
শব্দৰ দুৱাৰ দলিত এজাক তীব্ৰবেগী ধুমুহা
তাৰ মাজতে মই মাথো এটি ধূলিকণা,
বিছাৰি ফুৰিছো এজাক শব্দৰ ঠিকনা ।।

✍️শিৱানী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)