দুখ - বিকাশ দাস

©Admin
0
       শৰৎ কালৰ আবেলি দীনবন্ধুৱে নৈৰ পাৰত শিল দলিয়াই আছে । আজি তাৰ মন বৰ বেয়া । তাৰ সকলো লগৰ ল'ৰাই আজি তাক বৰকৈ কিৰিলি পাৰি ঠাট্টা কৰিছে কাৰণ তাৰ চোলাটোৰ বাওহাতখন ফটা আৰু চোলাটো অলপ ৰং গৈছে , আধা পখৰা হৈ গৈছে । আজি সেইবাবে সি নৈৰ পাৰত মন মাৰি বহি শিল দলিয়াই আছে ।
       সি শিল দলিয়াই থাকোঁতে সেই ঠাইৰ গোটেইখিনি শিল সি দলিয়াই পেলালে । তাৰ অলপ মনটো ভাল লাগিল গতিকে সি আৰু শিল দলিয়াব বুলি ভাবি সেই ঠাইৰ পৰা ওলাই গৈ শিল জমা কৰাত লাগিল । শিল বিচাৰি বিচাৰি তাৰ অলপ ভাগৰ লাগিল । তেতিয়া দূৰৰ এডাল ডাঙৰ গছ দেখা পালে । ৰ'দটো বৰ প্রখৰ কৈ দিছিল আৰু সি গছডালৰ ওচৰলৈ খোজকাঢ়ি গৈ থাকিল । গছডাল অলপ দূৰত আছিল ।
           ওচৰলৈ গৈ গৈ সি শুনিবলৈ পালে - "ওম" ,  "ওম" , "ওম" । সি তৎক্ষনাত গছজোপাৰ তললৈ দৌৰি গ'ল আৰু দেখিলে যে এজন সন্ন্যাসীয়ে গছৰ তলত বহি তপস্যা কৰি আছে ।
             সি দেখিলে যে গছডালৰ ওচৰত বহুতো শিল পৰি আছে । এনেতে সি ভাবিলে যে সি মনে মনে সেইখিনি শিল লৈ যাব । সি হাতত সাৰে ভৰিত সাৰে চেণ্ডেলযোৰ খুলি লাহে লাহে শিলবোৰ বুটলিবলৈ আৰম্ভ কৰিলে । বহুতখিনি শিল জমা হ'ল । হাতত নধৰাত সি চোলাটো গাৰ পৰা খুলি শিল জমা কৰাত লাগিল । শিল বহুত জমা হ'লত সি মনে মনে চোলাটোৰে শিলকেইটা বান্ধি লৈ তাৰ পৰা যাবলৈ ধৰিলে । কিন্তু তাৰ চোলাটো আছিল আগৰ পৰা ফটা । গতিকে সেই ফাটটোৰে এটা এটাকৈ শিলগুটি পৰিবলৈ ধৰিলে আৰু তাৰ ভয় লাগি আহিল । ভয়ত গোটেই শিলখিনি হাতৰ পৰা পৰি  গ'ল আৰু সেই শব্দত সন্ন্যাসীজনে সাৰ পালেে । দীনবন্ধুৰ ভয়তে ভৰি-হাত কঁপিবলৈ ধৰিলে । 
             সন্ন্যাসীজনে সেই ল'ৰাটোক দেখা পাই তৎক্ষণাৎ ধমকি দি ক'লে, "অই ল'ৰা,কি লাগে তোক আৰু তই চোলাটোৰে কি নিবলৈ আহিছ ? দেখা নাই মই তপস্যাত মগ্ন মোক আমনি নকৰিবি।"
              দীনবন্ধুৱে  ভয়তে ক'লে , "ককাই , মই শিল জমা কৰিবলৈ ইয়ালৈ আহিছো । আপুনি যদি বেয়া পাই তেন্তে মই শিল নিনিও । ককাই মোক যাবলৈ দিয়ক ।" দীনবন্ধুৰ চকুপানী ওলাই আহিল ।
              আজি কোনোবাই সেই সন্ন্যাসীজনক ককাই বুলি মাতিছিল । সন্ন্যাসীজনৰ চকুৰ আগৰ অন্ধকাৰ গুচি গৈছিল আৰু আহিছিল এক পোহৰৰ জিলিকনি ।‌‌ 

             সন্ন্যাসীজনে তেওঁৰ লেতেৰা গামোচাখন লৈ ল'ৰাজনৰ কাষলৈ আহি গামোচাৰে চকুৰ পানী মচি দিয়ে । সন্ন্যাসীজন ওখ-পাখ, চুলি-দাড়ি দীঘল ,গাৰ কাপোৰ লেতেৰা । সন্ন্যাসীজনে দীনবন্ধুৰ   মূৰত হাতখন ৰাখি ক'লে , "বোপাই মোক দেখি ভয় খাব নালাগে । নাকান্দিবি , কান্দিলে মন দুৰ্বল হয় । ময়ো বহুত কান্দিছো । এতিয়া মই নাকান্দো কেৱল হাঁহি থাকি সময় কটাও ।
             দীনবন্ধুৱে কন্দা বন্ধ কৰিলে । তেতিয়া সন্নাসীজনে দীনবন্ধুক সুধিলে - "বোপাই শিলগুটি লৈ তই কি কৰিবি ?" দীনবন্ধুই ক'লে , "ককাই মোৰ আজি মনত বৰ বেয়াকৈ দুখ লাগিছে সেয়েহে মই শিলগুটি বোৰ জমা কৰি নৈত দলিয়াও মনৰ দুখ পাতলাবৰ বাবে !" সন্নাসীজনে এটা ডাঙৰকৈ হাঁহি মাৰি ক'লে , "মই আজি এমাহলৈ কাৰোবাৰ লগত কথা পতা নাই জান ? তোক লগ পাই বহুত বেছি ভাল লাগিছে আৰু তই মোক ককাই বুলি মাতিছ । কিহৰ বাবে মনটো বেয়া তোৰ ?"
                দীনবন্ধুই ক'লে যে মই ক'ম কিন্তু তাৰ পিছত আপুনি মোক ক'ব লাগিব যে কিহৰ‌ বাবে আপুুনি এমাহলৈ কাৰোবাৰ লগত কথা পাতিব খোজা নাই আৰু অকলশৰীয়া হৈ আছে ? তই এইবোৰ বুজি নাপাবি বোপাই । তই সৰু হৈ আছ অ' । নাই মোক ক'ব লাগিব , মই ডাঙৰ মানুহৰ কথা শুনি বৰ ভাল পাওঁ । হ'ব বোপাই কম । আগতে তোৰ মন কিহৰ বাবে বেয়া নে তোৰ ভালপোৱা ছোৱালীজনীয়ে তোক এৰি থৈ গৈছে । 
ল'ৰাজনে খঙত ক'লে , "মই কোনো ছোৱালীক আজিলৈকে ভালপোৱা নাই অ ককাই । কথা সেইটো নহয় ।"
           মোৰ লগৰীয়াবোৰে মোক আজি বৰ বেয়াকৈ ঠাট্টা কৰিছে মই বোলে দেখাত ধুনীয়া নহয় । এটা ফটা চোলা পিন্ধি থাকো , মোক দেখিলে বোলে তেওঁলোকৰ অমংগল । মই বোলে দেখাত কুৎসিত, মোৰ দ্বাৰা একো কাম নহয় , মই বোলে এইখন পৃথিৱীৰ বাবে এটা ডাঙৰ বোজা ।  এইবিলাক কথা কৈ দীনবন্ধুএ আকৌ দুখ প্ৰকাশ কৰিছে ।  
                সন্নাসীজনে অলপ চিন্তা কৰিবলৈ ধৰিলে কিদৰে ল'ৰা জনক বুজনি দিব । তাৰ পিছত তেওঁ ল'ৰা জনক সুধিলে যে দীনবন্ধু শব্দটোৰ অৰ্থ কি ? ল'ৰা জনে অলপ ভাবিছিল আৰু কৈছিল যে দীনবন্ধু শব্দটোৰ অৰ্থ-দুখীয়াৰ বন্ধু । ল'ৰা জনৰ কথা শুনি তেওঁ ল'ৰা জনক সুধিলে যে তই পঢ়ি আছ নেকি ? ল'ৰা জনে ক'লে হয় ককাই মই দ্বাদশ শ্ৰেণীত পঢ়ি আছো । উমম তোৰ লগৰীয়া কেইজনে কি পঢ়ি আছে নে তোৰ লগত একেলগে পঢ়ে ? ল'ৰা জনে ক'লে নাই বাবা তেওঁলোকে এতিয়াও ক্লাছ নাইনত পঢ়ি আছে কিন্তু তেওঁলোক মোতকৈ বয়সত বহুত ডাঙৰ । 
                      কথাষাৰ শুনি সন্নাসীজনে ক'লে যে চাচোন তোক বাৰে বাৰে সিহঁতে ঠাট্টা কৰিছিল আৰু কৰি থাকিব । তেওঁলোকৰ প্ৰধান কাম হৈছে সেইটো । তই ইয়াক বাধা দিব নোৱাৰ । তোৰ কাম তই কৰি যা । 
           মনত ৰাখ পানী এ নিজে গম নাপায় যে তাৰ কিমান গুণ । চিন্তা নকৰিবি তোৰো এনে বহুতো গুণ আছে যি তই গম নাপাঅ । হয় ককাই । মই বুজি পোৱা নাছিলো কিন্তু এতিয়া মই বুজি পালো যে মোৰো এটা অনুসন্ধিৎসু মন আছে । মই এতিয়া নিজক ভালপাবলৈ শিকি গলো ককাই ।‌
       
       হ'ব দে এতিয়া শিলগুটি লৈ যা এই বুলি সন্নাসীজনে ল'ৰা জনক বুজনি দি তাৰ পৰা গুছি আহিবলৈ ক'লে । কিন্তু তাৰ মনটো সেই সন্নাসীজনৰ অকলে থকাৰ কথাটোৰ বাবে বাৰে বাৰে প্ৰশ্ন কৰে । সন্নাসীজনে আমনি পাই শেষত ক'লে এমাহ ধৰি এই গছজোপাৰ ওচৰত আছোঁ আৰু কোনো মানুহৰ সৈতে কথা পতা নাই । ৰাতিপুৱা হ'লে চৰাইবোৰে মাত দিয়ে , এই গছজোপাৰ ওচৰত আছোঁ বাবে মোৰ অন্তৰত বৈ থকা দুখৰ সাগৰখনক লাহে লাহে শুকুৱাব পাৰিছো । ককাই তুমি কি দুখত আছা আমাক শিক্ষকে শিকাইছিল যে দুখৰ ভাগ বতৰা কৰিলে মন পাতল হয়  । এই বুলি দীনবন্ধুএ সন্নাসীজনক সুধিলে । 

তেন্তে শুন আজিৰ পৰা এমাহ দহদিন আগত মোৰ পত্নী বসুন্ধৰাৰ হঠাৎ মূৰটো বহুত বিষ কৰিলে । তাই সহ্য কৰিব নোৱাৰাত গাঁওৰ মেডিকেল খনলৈ লৈ গলোঁ মেডিকেল খনত বহু সময় ৰখাৰ পিছত আমাৰ নামটো মাতিলে পেচেন্ট বসুন্ধৰা দাস । লগে লগে আমি দৌৰি গলো ডাক্টৰৰ ওচৰত আৰু সকলো কথা কলো ডাক্টৰ বাইদেউয়ে বসুন্ধৰাৰ মূৰটো চালে । 
        
তাৰ পিছত তেওঁ কাগজত লিখিলে আৰু কাগজখন মোক দি ক'লে যে এটা সৰু অপাৰেশ্যন কৰিব‌ লাগিব যিহেতু তেওঁৰ এবছৰৰ পৰা মূৰৰ বিষ হৈ আছে মই লগে লগে কাগজখন আনি এটা প্ৰাইভেট মেডিকেল লেবৰটৰীত অপাৰেশ্যন কৰিবলৈ পইছাৰ যা-যোগাৰ কৰিলো । তাৰ পিছদিনা ৰাতিপুৱা সময়ত অপাৰেশ্যন আৰম্ভ হ'ল আৰু মই খেতি কৰা মাটিখিনি বিক্ৰী কৰি নগদ ৬০,০০০ টকা জমা দিলো অপাৰেশ্যন কৰিবলৈৈ যথাসময়ত অপাৰেশ্যনৰ খবৰ আহিল মই লৰালৰিকৈ বসুন্ধৰাক ৰিক্সাৰে ঘৰত থৈ মই অপাৰেশ্যনৰ ৰিপোৰ্ট টো লৈ ডাক্টৰ বাইদেউৰ ওচৰত গ'লো আৰু ৰিপোৰ্ট টো দেখোৱা লগে লগে ডাক্টৰ বাইদেউয়ে ক'লে যে তোমাৰ পত্নী বসুন্ধৰাৰ ব্ৰেইন টিউমাৰ হৈছে । বহুত বেছি পলম হ'ল অ তোমাৰ পত্নীক এতিয়া বেছি দিন জীয়াই নাথাকে ,তথাপি তুমি যদি ইচ্ছা কৰা তেন্তে বিদেশত গৈ চিকিৎসা কৰিব পাৰা । কিন্তু তাৰ বাবে লাখ লাখ টকা লাগিব আৰু চিকিৎসাৰ পিছত তেওঁ পুনৰ সুস্থ হৈ উঠাৰ হাৰ কমেও ৫০ শতাংশ ।
 বসুন্ধৰা জীয়াই থকা সময়খিনি তেওঁৰ লগত একেলগে কটোৱা অ । তেওঁক সুখী কৰি ৰখা এইকেইদিন‌ । এই কথাবোৰ শুনি মই নিৰৱ হৈ পৰিছিলো । মনে‌ সহ্য কৰিব পৰা নাছিল বসুন্ধৰা যে এই পৃথিৱীৰ বেছি‌ দিনৰ আলহী নহয় । মই কি কৰো অ নিজকে চম্ভালি ল'বলৈ বহুত জটিল হৈছিল । 
  নিৰৱে মই তাৰ পৰা ঘৰলৈ আহিলো । দেখিলোঁ বসুন্ধৰা শুই আছে । মই তাইক কলো তুমি সোনকালেই ঠিক হৈ যাবা । এইবুলি মিছা আশ্বাস দিলো তাইক । মোৰ হাতত এতিয়া এটকা এটাও নাছিল মই টকাৰ বাবে দুদিন পিছতে কাম কৰিবলৈ ওলাই গলো
           কাম কৰি আবেলি টকা ৩০০ কিবা কৰি‌ যোগাৰ কৰিবলৈ সক্ষম হলো আৰু বসুন্ধৰাই শিঙি মাছ খাবলৈ বৰ ভাল পায় মই বজাৰৰ পৰা ২৫০ গ্ৰাম শিঙি মাছ ললো আৰু অলপ সবজী লৈ ঘৰলৈ আহিলো । ঘৰত আহি দেখিবলৈ পালো কেৱল তেজ , তেজ, তেজ আৰু তেজ 
              মোৰ হাতৰ পৰা বজাৰ খিনি পিচলি পৰিল দৌৰি গৈ দেখিলোঁ বসুন্ধৰাৰ মূৰটোৰ পৰা তেজ বৈ আছে । মই চিঞৰিলো , বসুন্ধৰা বসুন্ধৰা বসুন্ধৰা বসুন্ধৰা বসুন্ধৰা বসুন্ধৰা বসুন্ধৰা....।     
                      ওচৰলৈ আহিল গাওঁৰ মানুহ ।
তাৰ পিছত তেওঁ লোকে মোৰ মূৰত ৫ বাল্টি পানী ধালি দিলে আৰু অলপ পিছত শ্মশান ঘাটত লৈ গ'ল । মই কান্দি কান্দি তাইৰ লগত গলো শ্মশান ঘাটলৈ । খৰি দিয়া হ'ল তাইৰ গাৰ ওপৰত । মই এতিয়া নিজকে কি কৰো বুলি ভাবি আছিলোঁ চকুৰ পানী বৰষুণ হৈ নামিছিল মই জুইৰে মুখাগ্নি কৰিলো আৰু অলপ ভাবিলো  
                 সেই যে আমাৰ বিয়াৰ ৰাতি কৈছিল বসুন্ধৰাই , মই সদায় তোমাৰ লগত থাকিম , আজি ক'ত আছে সেই বসুন্ধৰা ?
                  এনেকুৱা কৈ আজি ৮ মাহ হ'ল । এই ৮ মাহ বহুত বেছি কান্দি আছিলোঁ মই ।এতিয়া ঘৰ-দুৱাৰ এৰি এই গছজোপাৰ তলতে মই থকা ২ মাহ হ'ল । এই কথাবোৰ শুনি দীনবন্ধুৰ চকুৰ পানী ওলোৱা আৰম্ভ হয় আৰু সন্নাসীজনে দীনবন্ধু ক ক'লে যে নাকান্দিবি । কান্দিলে অকলশৰীয়া অনুভৱ হয় অ    
                       দীনবন্ধু ই সন্নাসীজনক বাচি থকা সময়খিনি সুখী হৈ থাকিবলৈ উপদেশ দিছিল আৰু গুছি আহিছিল  
                       
সন্ধিয়া হৈছিল আৰু জোনাকী পৰুৱা বোৰে চিকমিক চিকমিক কৰি জ্বিলিকি আছিল ।
          সন্নাসীজনে এতিয়া অকল হাহি থাকি সময় কটায় তেওঁ সদায় সুখী হৈ থাকক এই বুলি দীনবন্ধুএ মনত প্ৰাৰ্থনা কৰে ঈশ্বৰৰ ওচৰত 

✍️বিকাশ দাস
     বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)