নানা ৰঙীন সপোনবোৰ মই,
উৰুৱাই দিছোঁ হাঁহি-ধেমালিৰ মাজেৰে এই
অবাবত দেখা সপোনবোৰ,
কিয় জানো হঠাৎ আজি
সেমেকি উঠিছে
মোৰ মন!
নাজানো ক'ত কেণা লাগিল! এতিয়া,এই জীৱনৰ
সপোনবোৰো অবাক,
আজিও ভাবোঁ মই
পৃথিৱীখনৰ ইমান সুন্দৰতাৰ
স্বত্বেও,আমি উপভোগ কৰিব পৰা নাই কিয়!
ক'ৰবাত যেন অাধৰুৱা হ'ল
এই সপোন,
ক'ৰবাত ভাবিবৰ
যেন
সময় ন'হল!
যাৰ বাবে আজি মোৰ
আধৰুৱা সপোনবোৰ সপোন
হৈয়ে ৰ'ল!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ