দুৱাৰমুখত থিয় হৈ
পাৰ্থিৱ শৰীৰ ত্যাগ কৰি
জীৱনৰ অৱসান ঘটাবলৈ ।
মায়া-মোহৰে ভৰা
ক্ষন্তেকীয়া পৃথিৱীখনৰ পৰা
মৃত্যুৰ গৰাহত পৰি
যাবগৈ জীৱন চিৰস্থায়ী জগতলৈ ।
মৃত্যুয়ে যেতিয়া খামুচি ধৰিব
জীৱনটোৱে বৰ কষ্টৰে কান্দি কান্দি
পাৰ্থিৱ জগতখনৰ মায়া-মোহ ত্যাগ কৰি
যাবগৈ অচিন জগতলৈ ।
হঠাৎ মৃত্যুয়ে মাতিব পাৰে মোক !
সেই ভয়তে হৃদয় লিপ্ত ক্ৰন্দনত
প্ৰতিটো পল-অণুপল
কিনো ভাল , সৎ কাম কৰিছোঁ
পাৰ্থিৱ জগতৰ মায়া-মোহত থাকি
হৃদয়ৰ সৰ্বত্ৰ চুকে-কোণে
জাগি উঠে এটি প্ৰশ্ন ।
বেয়া কৰ্মৰ কথাখিনি অনুভৱ কৰিলে
মনৰ মাজতে প্ৰশ্ন এটিয়ে খোচা-বিন্ধা কৰে
অচিন জগতত ঠাই পাবনে ?
শৰীৰৰ প্ৰতিটো অংগ ৰাজ্য ।
হঠাৎ মৃত্যুয়ে মাতিব পাৰে মোক !
সাংসাৰিক মায়াজাল আৰু
এই জগতৰ সকলো মাদকতা ত্যাগ কৰি
যাব লাগিব অজান বাটেৰে গতি কৰি ।
মৃত্যুৰ সৈতে যুঁজ দি পৰাজিত হৈ
নিজৰ ভাল-বেয়া কৰ্মখিনি লৈ
যাব লাগিব আল্লাহৰ ওচৰলৈ
হিচাপ-নিকাচ দিবলৈ
হিচাপ-নিকাচৰ পিছত
যদি ভাল কামৰ ওজন বেছি হয়
আত্মাই লাভ কৰিব চিৰশান্তিৰ ঘৰ
আৰু বেয়াৰ বাবে অগ্নিকুণ্ডত
বসবাস অনন্ত কাল ধৰি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ