ব্যস্ত ৰাজপথত মানুহৰ
চলি আছে নিৰন্তৰে,
অহা-যোৱা
সেই ৰাজপথৰে
একোণত পৰি ৰোৱা
এগৰাকী বৃদ্ধ লোক
গাত চাদৰ ওলোমাই
বহি আছে কোণত ।
কিবা এটা অন্ন পাবলৈ
চাই আছে ব্যস্ত পথৰুৱাক
কোনোবা এজন আহি
খাবলৈ দিব নেকি
নাই কোনো নাই
মানুহ চাই গুচি যায়হি
শীতমহীয়া ঠাণ্ডাৰ ৰাতি
পথৰ দাঁতিত
ভোকৰ তাড়না
কঁপি আছে জাৰত
সংকীৰ্ণ ৰাজপথৰ
মাজনিশা আন্ধাৰত
হঠাত্ যেন উশাহ
বন্ধ হৈ যায়
নিথৰ দেহ বৃদ্ধৰ
পৰি ৰয় ৰাস্তাৰ দাঁতিত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ