তোমাৰ অবিহনে-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তোমাক কাষত পাবলৈ   ব্যাকুল হ'লেও
নামাতো দিয়া তোমাক
নালাগে তুমি আহিবলৈ।
তোমাৰ অনুপস্থিতিত কেনেকৈ
দুখৰ সাগৰত উটি বুৰি
অসহায় হৈ জীয়াই আছোঁ
নালাগে তুমি বুজি পাবলৈ
নাযাও তোমাক ক'বলৈ
মোৰ এটি এটি দুখৰ কথা।
এতিয়া তোমাৰ কণমানি
অভিমানী জনী ডাঙৰ হ'ল
নিজকে বুজাব পৰা হলো
তুমি সাহস দিবলৈ মোৰ
কাষত নাথাকিলেও মই
নিজেই সাহস গোটাই লম।
দুঃস্বপ্ন বুলি কেতিয়াও পাহৰিব নোৱাৰোঁ তোমাক 
তোমাৰ প্ৰতিটো স্মৃতিয়ে 
অন্তৰত খুন্দিয়াই আমনি কৰে
কেতিয়াবা বহুত দুৰ্বল হৈ পৰো 
ভগৱানক চিঞৰি চিঞৰি
ক'বলৈ মন যায়
মোৰ দেউতাক ঘূৰাই দিয়া বুলি

এতিয়া জানা ডাঙৰ হৈছোঁ যে
সেইবাবে তোমাক কাষত বিচাৰোঁ
আকৌ পাই হেৰুৱাৰ মৰমবোৰ
পাবলৈ বিচাৰোঁ দেউতা
তোমাৰ অবিহনে কেনেকৈ আছোঁ
তুমি জানো অজান দেশৰ পৰা
চাই আছা দেউতা।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)