বিবাহ- ৰেজিনা পাৰবিন

©Admin
0
নিশা প্ৰায় আঠ বজাত প্ৰীতিহঁত যোৱা শৰাইঘাট এক্সপ্ৰেছ ট্ৰেইনখন বঙাইগাঁও ষ্টেচনত ৰোৱাৰ লগে লগে প্ৰীতি উঠা টু টায়াৰ শীত-তাপ নিয়ন্ত্ৰিত বাৰ্থটোলৈ হুৰমূৰকৈ সোমাই আহিল এগৰাকী প্ৰায় পঞ্চল্লিছ বছৰীয়া মহিলা,প্ৰায় সমবয়সৰ এজন পুৰুষ আৰু এগৰাকী প্ৰায় পোন্ধৰ /ষোল্ল বছৰীয়া ছোৱালী। বাৰ্থটোত উঠিয়েই কিছুসময় ইফালে-সিফালে চাই গুৱাহাটীৰ পৰা খালী হৈ অহা ১১,১২ আৰু ১৩ নং চিট কেইটাত ভাগে ভাগে বহি ল'লে তিনিওজন।ভালদৰে বহি লৈ তিনিওৱে অসমীয়াত কথা পতা শুনি মনটো অজানিতে ভাল লাগি গ'ল প্ৰীতিৰ।কেইবা ঘণ্টা ধৰি অন্যভাষী মানুহবোৰৰ মাজত থাকি থাকি বৰকৈ অকলশৰীয়া অনুভৱ কৰা প্ৰীতিৰ মনটো অসমীয়া ভাষা শুনি উৎফুল্লিত হৈ উঠিল,যদিও তেওঁলোকৰ সৈতে অৱশ্যে তেতিয়ালৈ চিনাকি হোৱা নাই।ট্ৰেইনখন কি পাইছিল প্ৰীতিয়ে গম পোৱা নাছিল যদিও কোনোবাই নিউজলপাইগুৰিলৈ আৰু এঘণ্টা থকা বুলি হিন্দীতে কোৱাহে শুনিছিল।তেনেতে ঘৰৰ পৰা অহা ফোনটো ৰিচিভ কৰি কথা পাতি থাকোঁতে মহিলা গৰাকীয়ে একেথিৰে প্ৰীতিলৈ চাই থকা যেন অনুভৱ হৈছিল প্ৰীতিৰ। কিছুদেৰি কথাপাতি ফোনটো কটাৰ লগে লগে মহিলাগৰাকীয়ে প্ৰায় একপ্ৰকাৰ চিঞৰাৰ দৰেই কৈ উঠিছিল,ঔ ছোৱালী তই? মহিলাজনীৰ আকস্মিক মাতত প্ৰায় পঞ্চল্লিছ বছৰীয়া প্ৰীতি থত্‌মত্‌ খালেও তৎক্ষণাৎ মনলৈ আহিল ইউনিভাৰ্ছিটিৰ সহপাঠী ৰশ্মি চৌধুৰীৰ কথা।কিয়নো এই দুনিয়াত ৰশ্মিৰ বাহিৰে কোনেও প্ৰীতিক "ঔ ছোৱালী" বুলি মাতি পোৱা নাই।এপলক তাইলৈ চালে যদিও ভালদৰে ধৰিব নোৱাৰিলে। কিয়নো মাতটোৰ বাদে একেবাৰে ক্ষীণ চেহেৰাৰ ৰশ্মিজনীৰ লগত এইজনী মেদবহুল মহিলাৰ অকণো মিল নাই।তদুপৰি তাইৰ লগত অহা তাইৰ স্বামী যেন লগা মানুহ জনেও তাইক বিবুধিত পেলাইছে।কিয়নো ৰশ্মিৰ হ'ব লগীয়া স্বামীক ভালদৰেই জানিছিল প্ৰীতিয়ে। তথাপিও ৰশ্মি নে বুলি কোৱাৰ লগে লগে প্ৰীতি নহ'ৱ নে বুলি উঠি আহি সাৱটি ধৰিলে মানুহগৰাকীয়ে।দুয়ো দুয়োকে কিছুসময় সাৱটি থাকিয়েই ইটো- সিটো কথা পাতি থাকিল।বাৰ্থটোৰ সকলোৱেই দুয়োকো লক্ষ্য কৰি থকা যেন অনুভৱ হোৱাতহে দুয়ো ঘূৰি আহিল স্বাভাৱিক অৱস্থালৈ। ৰশ্মিয়ে চিনাকি কৰি দিলে এয়া মোৰ স্বামী মোস্তাফা জাহাংগীৰ আৰু আমাৰ একমাত্ৰ কন্যা মূৰ্তাজা জাহাংগীৰ।পিছে তই ক'ত যাবলৈ আহিছ?ৰশ্মিৰ কথাই অতিশয় আচৰিত কৰিলে প্ৰীতিক।চকু দুটা ডাঙৰকৈ মেলি কিছুসময় ৰশ্মিলৈ চাই থাকি প্ৰীতিয়ে উত্তৰ দিলে,মই কলিকতাৰ ৰবীন্দ্ৰ তীৰ্থত পৰহিলৈ হ'বলগীয়া কবি সন্মিলন এখনলৈ গৈ আছোঁ।মোৰ লগত আৰু বহুকেইজন সতীৰ্থ আহিছে যদিও তেওঁলোক অন্য বাৰ্থত আছে।  
     
      সুদীৰ্ঘ পঁচিছটা বছৰৰ মূৰত ৰশ্মিক লগ পাই প্ৰীতিৰ যিমান বেছি ভাল লাগিছে তাতকৈ বেছি আচৰিত হৈছে তাইৰ পৰিয়ালক লগ পায়।কিয়নো প্ৰীতিয়ে জনামতে ৰশ্মিয়ে ডাঃ অৰুণাভ গোস্বামীকহে কলেজীয়া দিনৰে পৰা ভাল পাই আছিল।আনকি দুয়োৱে পৰিয়ালৰ অজ্ঞাতে ক'ৰ্ট মেৰেজো কৰিছিল।মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'লেই দুয়োৰে বিয়া হোৱাৰ কথাও আছিল। তেনেস্থলত জন্মগত ভাৱে হিন্দু পৰিয়ালৰ ছোৱালীজনী কেনেদৰে মোস্তাফা জাহাংগীৰৰ পত্নী হ'ল সেয়া জানিবলৈ উৎসুক হৈ পৰিল প্ৰীতি।ৰশ্মিয়ে প্ৰীতিৰ মনোভাৱ বুজিব পাৰি পৰিৱেশটো পাতল কৰিবলৈয়ে ক'লে,তোক সকলো কৈ আছোঁ,আমিও কলিকতালৈ এসপ্তাহৰ বাবে আহিছোঁ।এওঁ বঙাইগাঁও ৰিফাইনাৰীত চাকৰি কৰে,আমি তাৰে কোৱাৰ্টাৰতে থাকোঁ।ছোৱালীয়ে এইবাৰ হায়াৰ চেকেণ্ডেৰী পাছ কৰি প্ৰেচিডেন্সি কলেজত পঢ়ি আছে।পূজাত ঘৰলৈ গৈছিল,আমি তাইক থ'বলৈকে আহিছোঁ।আমিও নিউ টাউনতে থাকিম আৰু নিউ টাউনতে যিহেতু ৰবীন্দ্ৰ তীৰ্থ অৱস্থিত তই এইকেইটা দিন আমাৰ লগতে থাকিবি,সকলো জানিবি মোৰ জীৱনৰ সেউজী পাতৰ কাহিনী। 
      দুয়ো বান্ধৱীয়ে কথা পাতি থাকোঁতে বাৰ্থটোলৈ সোমাই অহা প্ৰীতিৰ টীম লীডাৰ দীপিকা মেমে, আপুনি বৰ বʼৰ হ'ব লগা হ'ল ,অকলে পৰিলে যে বুলি কোৱাত স্বভাৱ সুলভ হাঁহিটোৰে ধেমালিৰ সুৰত প্ৰীতিয়ে "আপোনালোকেহে অকলশৰীয়া কৰিলে,এয়া চাওঁক ঈশ্বৰে সহপাঠী অন্তৰঙ্গ বান্ধৱীকে মিলাই দিলে, তাকো সুদীৰ্ঘ পঁচিছ বছৰৰ মূৰত" বুলি কৈ চিনাকি কৰাই দিলে ৰশ্মি আৰু তাইৰ পৰিয়ালেৰে।হাঁহি মুখীয়া ধুনীয়া দীপিকা মেমৰ সৈতে চিনাকি হৈ বৰ ভাল পালে ৰশ্মি আৰু তাইৰ স্বামীয়ে।কিছুসময় কথা পাতি পিছত লগ পাম বুলি কৈ দীপিকা মেম গʼলগৈ।আন যাত্ৰীৰ অসুবিধা হ'লেও মনক ৰোধিব নোৱাৰি দুপৰ নিশালৈ দুয়ো বান্ধৱীয়ে ফুচফুচাই থাকিল।
       পিছদিনা ৰাতিপুৱা আঠ বজাত হাওৰা ষ্টেচন পোৱাৰ লগে লগে সিহঁত আটায়ে নামিল ট্ৰেইনৰ পৰা।প্ৰীতিৰ লগত যোৱা সতীৰ্থ সকলৰ সৈতে ৰশ্মি আৰু তাইৰ পৰিয়ালক চিনাকি কৰাই দিলে প্ৰীতিয়ে।সকলোৱে বৰ ভাল পালে ৰশ্মি আৰু তাইৰ স্বামী-কন্যাক। প্ৰীতিক ৰশ্মিয়ে সিহঁতৰ লগতে লৈ যাব বিছাৰিছিল যদিও তাই তাইৰ টীমৰ সৈতে আগতে বুক কৰি থোৱা হোটেললৈ গ'ল।ৰশ্মিয়েও ফ্ৰেছ হৈ তাইৰ ওচৰলৈ আহিম বুলি বিদায় ল'লে।
       আবেলি চাৰি মান বজাতে ৰশ্মি স্বামীৰ সৈতে আহি প্ৰীতিৰ ওচৰ পালে আৰু টীম লীডাৰৰ অনুমতি লৈ তাইক ফুৰাবলৈ লৈ গ'ল।এখন ওবেৰ লৈ সিহঁত বিখ্যাত প্ৰেচিডেন্সি কলেজ ৰ'ডত অৱস্থিত কফি হাউছলৈ গ'ল। ৰশ্মিৰ স্বামীয়ে কফিৰ লগতে বিভিন্ন ধৰণৰ পকৰি অৰ্ডাৰ দি চিনাকি বন্ধু এজনক পাই তেওঁক সঙ্গ দিবলৈ আঁতৰি গ'ল। ৰং-বিৰঙী লাইটৰ পোহৰত মান্না দেৰ গজল শুনি শুনি ৰশ্মিয়ে প্ৰীতিক শুনাই গ'ল চিনেমা চিনেমা লগা তাইৰ জীৱনৰ তিতা-মিঠা কাহিনী----
       প্ৰীতি,তইটো জানই, কলেজীয়া দিনৰে পৰা মই অৰুণাভক ভাল পাইছিলোঁ। জাতিত একে হ'লেও যে আমাৰ ধৰ্মটোৰ ইমানবোৰ বিভেদ আছে স্কুলীয়া দিনতেই কিছু জানিছিলোঁ যদিও একোৱেই গুৰুত্ব দিয়া নাছিলোঁ।তেতিয়া মাত্ৰ বুজিছিলোঁ একে ধৰ্মৰ মানুহৰ মাজত চলা-মিলা বা বিয়া বাৰুৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়,কেৱল আন ধৰ্মৰ মানুহৰ লগত বিয়া-বাৰু অসম্ভৱ।সেয়ে কোনোবা আন ধৰ্মৰ ল'ৰাক ভাল লাগিলেও জোৰ কৰি প্ৰেমত পৰাৰ পৰা মনটোক দমন কৰি ৰাখিছিলোঁ।কিন্তু একেটা ধৰ্মৰ হ'লেও যে ইমানবোৰ জাত-পাতৰ ভেদ-ভাৱ আছে কলেজ পোৱাৰ পিছত যেতিয়া অৰুণাভৰ প্ৰেমত পৰিছিলোঁ তেতিয়াহে বুজিছিলোঁ।ধৰ্ম একে হ'লেও বিয়া-বাৰুৰ ক্ষেত্ৰত কিমান যে বাধা- নিষেধ মানি চলা হয় সেয়া ভালদৰেই বুজি পোৱা হৈছিলোঁ।সেয়ে ইউনিভাৰ্ছিটিত পঢ়ি থাকোঁতেই অৰুণাভ আৰু মই এইবোৰ বাধাৰ সন্মুখীন হ'ম বুলিয়েই গোপনে ক'ৰ্ট মেৰেজ কৰিছিলোঁ।যিহেতু মই আছিলোঁ তেনেই ক্ষুদ্ৰ জাতি বুলি ভবা কৈৱৰ্ত সম্প্ৰদায়ৰ ছোৱালী আৰু তেওঁ আছিল একেবাৰেই উচ্চ জাতিৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ,তাকো গোসাইৰ ল'ৰা।আমাৰ মিলন অসম্ভৱ আছিল যদিও দুয়ো দৃঢ় সংকল্পৱদ্ধ আছিলোঁ। ইউনিভাৰ্ছিটিত পঢ়ি থকাৰ পৰাই মোলৈ বহুত বিয়াৰ প্ৰস্তাৱ আহিছিল যদিও অৰুণাভৰ কথা ঘৰত স্পষ্টকৈ জনাই দিছিলোঁ। আনহাতে অৰুণাভেও ঘৰত মোৰ কথাবোৰ জনাইছিল যদিও তেওঁলোকৰ ঘৰৰ লগতে সমাজখনেও কোনোপধ্যে এই বিবাহ হ'ব নোৱাৰে বুলি ষ্পষ্টকৈ জনাই দিছিল।কিন্তু আকোৰগোজ একমাত্ৰ পুত্ৰ অৰুণাভৰ দৃঢ় স্থিতি টলাব নোৱাৰি মাকে বিষ খাই আত্মহত্যাৰ চেষ্টা কৰিছিল। অৰুণাভৰ তৎপৰতাত মাক সুস্থ হৈছিল যদিও সি উপায়ন্তৰ হৈ পৰিছিল।তাৰ দুই নাৱত,দুই ভৰি হৈছিল,কাক এৰিব, কাক ধৰিব!! কথাবোৰ জনাৰ পিছত মোৰ মা- দেউতায়ো মই তালৈ বিয়া হ'লে তেওঁলোকৰ মৰা মুখ দেখিম বুলি ভাবুকি দিয়াত মোৰ মা- দেউতা আৰু অৰুণাভৰ মাক-দেউতাকৰ মনত দুখ দি নিজৰ সুখৰ কথা ভবাটো পাপ বুলি গণ্য কৰি ময়ো বাধ্য হৈ পৰিছিলোঁ অৰুণাভৰ সৈতে সম্পৰ্ক এৰিবলৈ। ময়েই তাক শপত দি মাকৰ পচন্দৰ ছোৱালী এজনী বিয়া পাতিবলৈ বাধ্য কৰিছিলোঁ যদিও মই বিয়া নহওঁ বুলিয়েই শপত খাইছিলোঁ। 
           মোৰ কথাবোৰ জনাজনি হোৱাত বেয়া চৰিত্ৰৰ ছোৱালী বুলি ইতিমধ্যে মই বিখ্যাত হৈ পৰিছিলোঁ আৰু কোনো এজন ল'ৰাইয়ো মোক বিয়া পাতিবলৈ আগবাঢ়ি অহা নাছিল।অৱশ্যে ময়ো তেতিয়া বিয়াৰ বাবে একেবাৰে প্ৰস্তুত নাছিলোঁ।কিন্তু ভাগ্যৰ কি বিড়ম্বনা পাঁচ বছৰ মানৰ পাছতেই দেউতা ঢুকোৱাত আমাৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল।ইতিমধ্যে ভাইটিয়েও বিয়া পাতি বেলেগে থাকিবলৈ লৈছিল।সি মা আৰু মোৰ খবৰ ল'বলৈ প্ৰায় বাদ দিয়াৰ দৰেই হৈছিল। দুয়োৰে চলাত বৰ অসুবিধা হৈছিল।যিহেতু দেউতাই ব্যৱসায়হে কৰিছিল,দেউতা ঢুকোৱাৰ পাছত আমাৰ আয়ৰ পথ নোহোৱা হৈ গৈছিল।মই ওচৰতে থকা প্ৰাইভেট স্কুল খনত সোমোৱাৰ লগতে দুটামান টিউচন কৰি মাৰ সৈতে টুক-টাককৈ চলি আছিলোঁ।হঠাতে এদিন মাৰ প্ৰচণ্ড পেটৰ বিষ উঠাত ডাক্তৰক দেখুৱাই পৰীক্ষা কৰোৱাত গম পালোঁ মাৰ লীভাৰৰ প্ৰায় সত্তৰ শতাংশ নষ্ট হৈছে।তথাপিও উন্নত চিকিৎসা পালে হয়তো আৰু দুই-তিনিবছৰ জীয়াই থাকিব পাৰে।মোৰ মূৰত সৰগখন ভাগি পৰিছিল।ভালদৰে খাব-পিন্ধিবই নোযোৰে, চিকিৎসাৰ বাবে ইমানবোৰ টকা কেনেকৈ যোগাৰ কৰোঁ,ভাইটিক জনালোঁ যদিও একেষাৰে টকা নাই বুলি জনাই দিয়াত যি অলপ গহণা আছিল তাকেই বিক্ৰী কৰোঁ বুলি গুৱাহাটীৰ এখন গহণালয়লৈ যাওঁতে চিনাকি হ'ল মোস্তাফাৰ সৈতে।কি কাৰণত গহণাখিনি বিক্ৰী কৰিব লগা হ'ল দোকানৰ গৰাকীক কৈ থাকোঁতে সৰুতে মাতৃক হেৰুওঁৱা মানৱদৰদী মানুহজনৰ হয়তো মোলৈ বেয়া লাগিছিল আৰু তেওঁ মোৰ ঠিকনাটো লৈছিল।এদিন আবেলি পৰত তেওঁ আমাৰ ঘৰলৈ আহিছিল।মাৰ সৈতে বহুপৰ কথা পাতি তেওঁ মাৰ চিকিৎসাৰ দায়িত্ব ল'লে আৰু নিজৰ খৰছত মাক হাৰিয়ানাৰ গুড়গাওঁস্থিত মেডাণ্টা হাস্পাতাললৈ মোৰ সৈতে চিকিৎসাৰ বাবে লৈ গ'ল যদিও পৰীক্ষা-নিৰীক্ষা কৰি ডাক্তৰে ঔষধ দিলে যদিও দুবছৰৰ বেছি যে মা যে জীয়াই নাথাকে ষ্পষ্টকৈ জনাই দিলে। 
       হাৰিয়ানাৰ পৰা অহাৰ পিছতো তেওঁ বহুদিন আমাৰ ঘৰলৈ আহিছিল যদিও আমাৰ মনত অইন কোনো ভাৱ নাছিল। তথাপিও কিন্তু মানুহবোৰে বহুত কিবাকিবি উলিয়াইছিল আমাক লৈ।মোৰ চৰিত্ৰক লৈ বহুত কিবাকিবি অকথ্য কথা শুনোৱাৰ লগতে তেওঁকো বহুত কিবাকিবি শুনাইছিল।তেওঁ আমাৰ ঘৰলৈ অহা বন্ধ কৰিছিল যদিও নিয়মীয়াকৈ আমাৰ খবৰ ৰাখি আছিল।মা ঢুকোৱাৰ এমাহ আগতে মায়ে জেদ ধৰাত মাক তেওঁৰ কোৱাৰ্টাৰলৈ লৈ গৈছিলোঁ আৰু মায়ে তেওঁক মোক বিয়া পাতিবলৈ অনুৰোধ কৰিছিল।মাৰ কাণ্ডত আচৰিত হৈ মাক প্ৰশ্ন কৰিছিলোঁ অৰুণাভ আৰু মই একে জাতিৰ হোৱাৰ পিছতো তুমি আপত্তি কৰিছিলা,অথচ আন ধৰ্মৰ মোস্তাফাক তুমি মোক বিয়া পাতিবলৈ অনুৰোধ কৰিছা?মায়ে মাথোঁ এটি হুমুনিয়াহ এৰি কৈছিল ,"জাত-পাত মানুহৰ সৃষ্টি,ঈশ্বৰৰ মনত সকলো সমান, আগতেই এইবোৰ বুজি পোৱা নাছিলোঁ যদিও সময়ে মোক বহু কথাই শিকাই থৈ গ'ল। মানৱতাৰ উৰ্ধত কোনো ধৰ্ম নাই।" 
          অত্যন্ত মানৱীয় গুণেৰে পৰিপূৰ্ণ মোস্তাফাই মাৰ ইচ্ছাক প্ৰাধান্য দিলে যদিও মোৰ সন্মতি পালেহে তেওঁ মোক বিয়া পাতিবলৈ সন্মত হ'ল আৰু ময়ো মাৰ শেষ ইচ্ছাক সন্মান দি সম্পূৰ্ণ ইছলাম ধৰ্মীয় ৰীতি-নীতিৰে মাৰ বাহিৰে মোৰ বংশ-পৰিয়াল বা চুবুৰীৰ সকলোৰে অজ্ঞাতেই তেওঁৰ সৈতে বিয়া হʼলো।আমাৰ বিবাহৰ এমাহ পিছতেই মাৰ মৃত্যু হ'ল আৰু মাৰ সকলো কাম-কাজ শেষ হোৱাত মই মোস্তাফাৰ জীৱনলৈ গুচি আহিলোঁ আৰু অহাৰ আগমূহুৰ্তত ঘৰ-মাটি সকলো ভাইটিৰ নামত লিখি দিয়াৰ লগতে মই যে মোস্তাফাৰ সৈতে বিয়া হʼলোঁ সকলোকে জনালোঁ। কথাবোৰ জানি ভাইটিৰ লগতে বংশ-পৰিয়াল সকলো জাঙুৰ খাই উঠিল।অজাতিৰ লʼৰালৈ বিয়াত বহাৰ বাবে গাঁৱত কেইবাখনো সভা বহাৰ লগতে নিজৰ জাতিৰ এজন নাপালে বুলিও বিভিন্ন ধৰণৰ হৈ চৈ কৰিছিল যদিও আমি গুৰুত্বে নিদিলোঁ।অৱশ্যে মোস্তাফাৰ পৰিয়ালে মোক ধুনীয়াকৈ আদৰি লৈছিল আৰু মোস্তাফাই কেতিয়াও মোক তেওঁৰ ধৰ্ম গ্ৰহণ কৰিবলৈ জোৰ কৰা নাই যদিও নিজৰ ইচ্ছাৰে মই মোৰ ধৰ্ম বিসৰ্জন দি তেওঁৰ ধৰ্ম গ্ৰহণ কৰিছোঁ।মই মোস্তাফালৈ গুচি অহাৰ পিছতেই তেওঁ বিহাৰৰ বাৰাউণীলৈ ট্ৰেন্সফাৰ লৈছিল।তাত পোন্ধৰ বছৰ থাকি আঠমাহ হ'ল বঙাইগাঁও ৰিফাইনেৰীলৈ অহা।  
          ইতিমধ্যে মোস্তাফা আহি প্ৰীতিহঁতৰ কাষত উপস্থিত হোৱাত আৰু সন্ধিয়া হোৱাত সিহঁত কফি হাউচৰ পৰা ওলাই আহিল। কফি হাউচৰ পৰা ওলোৱাৰ আগেয়ে অৱশ্যে দুয়ো বান্ধৱীয়ে কেইখনমান চেলফি লʼবলৈ নাপাহাৰিলে।
         প্ৰীতিক তাইৰ হোটেলৰ সতীৰ্থ সকলৰ সৈতে থৈ ৰশ্মি-মোস্তাফা গুচি গৈছিল যদিও প্ৰীতিয়ে দুয়ো যোৱাৰ ফালে চাই ভাবি থাকিল ------

     " অদৃশ্য শক্তিয়ে ভাগ্যৰ চকৰী ক'লৈ ঘূৰাই ক'ব নোৱাৰি আৰু এই অদৃশ্য শক্তিটো ইমানেই শক্তিশালী যে ইয়াৰ অদ্বিতীয় আৰু কোনো শক্তি নাই ,যি শক্তিয়ে আমাৰ জন্ম, মৃত্যু, বিবাহৰ স্থান নিৰ্ধাৰণ কৰে।"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)