শিল- সত্যজিৎ গগৈ

©Admin
0
শিলৰো কাম থাকে
যিদৰে
চাবোনে পৰিষ্কাৰ কৰে,দেহ
গানে মতলীয়া কৰে মন।
শিলেৰে সাঁকো গঢ়ে
আপোনাৰ মনৰ পৰা মোৰ মনলৈ,
মোমাই ঘৰৰ পৰা নিচাদেউৰ বাৰীলৈ।
শিলৰো নিজস্ব গঠন আছে
আপোনাৰ দৰে
মোৰ দৰে,
অথবা ওখ পৰ্বতৰ দৰে।
শিলে কথা কয়
ভঙা ভঙা মাতেৰে
কুলু-কুলু,হুৰ্-হুৰ্…
শিলৰ পৰা জন্ম হয় শিল
অজস্ৰ শিলেৰে আপোনাৰ ঘৰখন সাঁজে
হেঁপাহৰ,আদৰৰ,যৌৱনৰ।
শিলৰ কঠিনতা ইয়াৰ জন্মস্বত্বঃ
যিদৰে কপাহৰ কোমলতা
পখিলাৰ জমকতা।
শিলত জন্ম হয় শিল্প
যুগ-আবিযুগৰ ভাস্কৰ্য্য
ইয়েই হৈছে শিলৰ মহত্ত্ব।
শিল কঠিন
তথাপি শিলৰো কাম আছে
জ্ঞানী মানৱীয়তা,
তথাপি বিবেকহীনতাৰ পৰিচয়
শিল আৰু মানুহ
পাৰ্থক্য মাথোঁ ইয়াতেই !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)