আবেলি পৰত- আব্দুল কাদেৰ মিঞা

©Admin
0
সৌ জোপা কৃষ্ণ চূড়াৰ তলত
বহিছিলোঁ মনৰ শান্তনা লোভত,
হঠাৎ লগ পালোঁ
এটি অচিনাকী ফুলৰ
নাম নজনা,
তথাপিও সুগন্ধিৰে ভৰা।
এটি এটি কলি যেন
মুকুতাৰে সজা!
খন্তেকীয়া জিৰণিৰ মাজত
আৱেগিক হৃদয়ৰ ওচৰত
মোহিত কৰিলে মোৰ
সূক্ষ্ম হৃদয়ৰ কোঠালি।
জানিব পাৰোঁ নে তোমাৰ পৰিচয়
কোনখন ফুলনিৰ ফুল তুমি?
সূক্ষ্ম হৃদয়ত সুগন্ধি হানি 
কৰিলা মতলীয়া তুমি
এয়া যেন ভাল পোৱাৰ আগ জাননী,
তুমি যেন হৃদয়ৰ অচিনাকী বন্তি!
হ'বানে তুমি মোৰ
হৃদয়ৰ গৰাকী?
পামনে তোমাক মোৰ
বন্ধ কোঠালীৰ লগৰী বুলি?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)