নীৰৱতা- সীমা ৰবিদাস

©Admin
0
নিৰৱে ৰচিম এটি কবিতা
নিৰৱে লিখিম তাত তোমাৰ নাম, 
তোমাৰ হৃদয়ত মোৰ অনুভৱৰ সোঁত
নিৰৱে নিৰৱে বোৱাই যাম।
তোমাৰ বাবে লিখা মোৰ গীতৰ সুৰ
নিৰৱে তোমাক শুনাই যাম, 
নিৰৱে মৰিম, তোমাৰ মৃদু স্পৰ্শত
নিৰৱে আকৌ জীয়াই যাম।
চেনেহৰ নিৰৱ বৰষুণজাকত
নিৰৱে তোমাক তিয়াই যাম, 
তোমাৰ হৃদয়ত মোৰ প্ৰেমৰ শাওণি
নিৰৱে নিৰৱে বোৱাই যাম। 
তোমাৰ দুচকুৰ নিজম দাপোনত 
নিৰৱে আঁকিম এটি ধূসৰ চিত্ৰ, 
তোমাৰ বাবে নিৰৱে ৰচিম এটি কবিতা
জগতে বুলিব মোক নিৰৱতাৰ কবি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)