ভেদাভেদ- আব্দুল কাদেৰ মিঞা

©Admin
0
নিৰন্তৰ উন্নতিৰ দিশে সমাজ,
ধুমুহাৰ কাৰণে একো দেখা পোৱা নাযায়!
কোটি টকা খৰচৰ   
আলোকিত চহৰৰ ৰাস্তা,
ব্যস্ত চহৰবাসী 
দৈনিক নতুন প্ৰয়োজনত।
আধুনিকতাৰ ছাঁ সকলোতে
সলনি হ'ল যুগ,
সলনি হ'ল সকলোৱে
সলনি হোৱা নাই অকল
ফুটপাথৰ মানুহ বিলাক।
চহৰৰ ৰাস্তাত শীতৰ মাজত
নগ্ন শৰীৰত শুই থকা মানুহৰ বেদনা
কোনেও নুশুনে।
পোৱা নোপোৱাৰ মাজত অতিবাহিত কৰিব লগা হয় বহু যুগ!
তথাপিও শান্তি উভতি নাহে।
অসৎ আনন্দ আৰু পৱিত্ৰ বেদনাৰ যুঁজত
পৰাজিত অসংখ্য মহৎ মানুহ!
বহু কষ্টত বাস্তৱতাৰ জোখ লৈ দেখিলোঁ,
মৃত্যুয়ে শেষ ঠিকনা!!
য'ত ঠাই পাব সভ্য চহৰৰ হেজাৰ হেজাৰ মানুহ
লগতে ফুটপাথৰ লোক 
নাথাকিব কোনো ভেদাভেদ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)