শক্তি বা দেৱীক উপাসনা কৰা প্ৰথাকেই শক্তিতত্ব বুলি কোৱা হয় ।বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ অন্তৰালত থকা মহাশক্তিক মাতৃৰূপে কল্পনা কৰি উপাসনা কৰা মতটিয়ে হ'ল শক্তিত্ববাদ ।এই মতবাদ অনুসাৰে শক্তিয়ে যে সকলো সৃষ্টিৰ মূল প্ৰকৃত কাৰণ বুলি বিবেচনা কৰা হয়।
অতি প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত শক্তিপূজাৰ প্ৰচলন আছিল । হৰপ্পা আৰু মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা মৃন্ময়ী দেৱী মূৰ্তিসমূহে ইয়াৰ সাক্ষ্য বহন কৰে।প্ৰাচীন ভাৰতৰ ধৰ্মৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় ঋগেশ্বৰ সময়ত দেৱীয়ে প্ৰাধান্য পোৱা নাছিল। যদিও অদতি আৰু উষা নামৰ দুগৰাকী নাৰীৰ উল্লেখ পোৱা য়ায় ।এওঁলোকক দেৱ মাতৃ বুলি অভিহিত কৰা হৈছে। পৰৱৰ্তী কালৰ ঋক বেদ,পুৰাণ, আদিত দেৱীৰ পূজাৰ কথা ব্যাপকভাৱে উপলব্ধ ।এই ক্ষেত্ৰত ড° শশীভূষণ দাস গুপ্তই মত পোষণ কৰিছে য়ে শক্তি ধৰ্ম আৰু দৰ্শনত দেৱীৰ তিনিটা ৰূপ দেখিবলৈ পোৱা যায়।প্ৰথম স্বৰূপৰ মতে পৰমতত্বৰ প্ৰতীক হ'ল শিৱ আৰু দেৱী ।সেই পৰমতত্বৰ শক্তি তথা পত্নী। এই মতামতত শিৱৰ প্ৰাধান্য বেছি ।দ্বিতীয় স্বৰূপ মতে শিৱ আৰু শক্তিৰ সমন্বয়তহে পূৰ্ণ সত্য সম্পন্ন হয় বা পৰমতত্বৰ সাধন হয়। তৃতীয় স্বৰূপৰ মতে দেৱীয়ে হ'ল অদ্বিতীয় মহাশক্তি আৰু ব্ৰহ্মাণ্ডৰ সকলো শক্তিৰ গৰাকী।
জীৱই জন্মলাভ কৰে মাতৃৰ গৰ্ভৰ পৰা সেইবাবে সকলোৰে হৃদয়ত জগৎস্ৰষ্টা পৰমেশ্বৰৰ স্বৰূপ উপলব্ধি হয় মাতৃ শব্দৰ মাধ্যমেৰে । তদুপৰি এই মাতৃয়েই সকলো দুখ, দুৰ্গতি, অপায়, অমংগল, আদি দূৰ কৰিব পাৰে তেঁৱেই বিভিন্ন দেৱতা ,আৰু তেওঁলোকৰ মূল চালিকা শক্তি ৰূপে আত্ম প্ৰকাশ কৰিছে।
"শক্তিসাক্ষান্মহাদেৱী মহাদেৱঃ বিভূতি স শক্তিমান।
তয়োবিভূতিলেশো বৈ সৰ্বমেতঃৰাচৰম"!
সেয়ে কোৱা হয় শক্তি বিহীন শিৱ, ব্ৰহ্মা, বিষ্ণু নিষ্ক্ৰিয়।ভাৰতীয় সমাজ ব্যবস্থাত নাৰী সমাজৰ সামাজিক মূল্যবোধৰ আধাৰতে শক্তিতত্ত্বৰ সৃষ্টি হৈছে । অৰ্থাৎ যুগে যুগে নাৰী সমাজৰ প্ৰতি পুৰুষ সমাজে প্ৰদৰ্শন কৰি অহা সন্মানেই দেৱীতত্বৰ মূল উৎস।নাৰীৰ সৃষ্টিশীলতা আৰু ক্ৰিয়াশীলতা গুণ দুটিয়ে তেওঁলোকক দেৱী মৰ্যদা প্ৰদান কৰিছে।এই মৰ্যদাৰ আধাৰতে জন্ম হৈছে শক্তিতত্বৰ ।এই দেৱীৰ বিভিন্ন ৰূপ বা নামেৰে পূজা উপাসনা কৰি আহিছে য়েনে :- ভাগৱতী, চণ্ডী, কত্যায়নী,উমা, পাৰ্বতী, মহিষা মৰ্দিনী, কামাখ্যা, ভৈৰৱী, চামুণ্ডা, কালী, গৌৰী, তাৰা, চণ্ডিকা,মহা-মায়া, দশভূজা,ষোড়শভূজা,লক্ষ্মী, সৰস্বতী আদি।
কালিকা পুৰাণৰ মত অনুসৰি প্ৰাগজ্যোতিষপূৰৰ ৰজা নৰকে শক্তি পূজাৰ প্ৰথম প্ৰচলন কৰিছিল।কালিকা পুৰাণৰ মত অনুসৰি নৰকৰ জন্ম হয় বিষ্ণুৰ ঔৰষত , ভূ দেৱীৰ গৰ্ভত।সেই বাবে বিষ্ণুৱে নৰকক প্ৰাগজ্যোতিষপূৰৰ ৰজা পাতে আৰু ৰাজ্যশাসন কৰিবলৈ দি নিৰ্দেশ দিয়ে যে - "তুমি সদায় কামৰূপৰ এই নীলাচল পৰ্বততে বাস কৰিবা আৰু কামাখ্যাৰ বাহিৰে আন দেৱতাৰ পূজা নকৰিবা ।আৰু ইয়াৰ ব্যতিক্ৰম কৰিলে তোমাৰ প্ৰাণ নাশ হ'ব।"
ফলত নৰকাসুৰ শক্তিৰ উপাসক হৈ পৰে আৰু তেওঁ দ্বাৰাই অসমত শাক্তধৰ্মৰ প্ৰচলন হয়।
"ব্ৰহ্মণ্যণীত কুশলো বদান্যো দানতৎপৰঃ।।
কামাখ্যা পুজনৰতো নীলকূটে মহাগিৰৌঃ"
তদুপৰি ভীষ্মৰ দুহিতা ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক পতি ৰূপে পাবলৈ দেৱী ভৱানীক পূজা কৰাৰ সামান্তৰালভাৱে বাণ ৰজাৰ কন্যা ঊষাই ভৈৱৰীক উপাসনা কৰি শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক স্বামী ৰূপে লাভ কৰা কথাবোৰেও দেৱী পূজাৰ ভালেখিনি ইতিহাসক প্ৰতিনিধিত্ব কৰে। পণ্ডিত সকলৰ মত অনুসাৰে পাল বংশৰ ৰাজত্বৰ কালছোৱাত কামৰূপত শক্তিবাদে ৰাজপৃষ্ঠ পোষকতা লাভ কৰিবলৈ সক্ষম হয়।চুতিয়া ৰজা আৰু সেই সম্প্ৰদায়ৰ লোকসকল ঘোৰ শাক্ত আছিল ।তেওঁলোকে কেঁচাইখাইটি ৰূপত কালীদেৱীক পূজা অৰ্চনা কৰিছিল।তাম্ৰপত্ৰৰ মন্দিৰত অধিষ্ঠিত কাৰণে কেঁচাইখাইটি দেৱীক পৰৱৰ্তী কালত তাম্ৰেশ্বৰী নামেৰে জনাজাত হৈছিল।কছাৰী বুৰঞ্জীৰ মত অনুসাৰে কছাৰী সকলো শক্তিৰ একনিষ্ঠ উপাসক আছিল।কছাৰীসকলেও বহুকাল আগৰে পৰা কেঁচাইখাইটি গোঁসানীক বলি-বিধানেৰে পূজা কৰি অহাৰ প্ৰমাণ কছাৰী বুৰঞ্জীৰ পাট লুটিয়ালে পোৱা য়ায়। অসমৰ জনজাতীয় সমাজত বিভিন্ন জনগোষ্ঠী সকলৰ মাজত লোকাচাৰ মতে নানা ৰূপত শক্তিৰ উপাসনা কৰা হৈছিল।
মধ্যযুগীয় অসমত শাক্তধৰ্মৰ প্ৰচলন থকাৰ প্ৰমান "গুৰুচৰিত"টো পোৱা য়ায় ।মহাপুৰুষ শংকৰ দেৱৰ উপৰিপুৰুষ ভূঞা সকলো এসময়ত শাক্তধৰ্মীয় আছিল । শিক্ষাগুৰু মহেন্দ্ৰকন্দলী শাক্তধৰ্মীয় লোক আছিল।শংকৰ দেৱৰ ওচৰত শৰণ লোৱাৰ আগলৈকে মাধৱদেৱো বলি-বিধানেৰে কৰা শক্তি পূজাত একান্ত বিশ্বাসী আছিল।
এই সকলোবোৰ তথ্যই ইংগিত দিয়ে যে শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আগলৈকে অসমত শাক্ত ধৰ্ম প্ৰচলিত আছিল।পুৰণি অসমৰ শক্তি পীঠ সমূহত বলি-বিধানেৰে পূজা অৰ্চনা কৰা হৈছিল।অ-ব্ৰাহ্মণ পুৰোহিতে কেঁচা তেজ দেৱীলৈ আগবঢ়াই সেৱকক আৰ্শীবাদ দিছিল আৰু বলি কটা ছাগলী বা ম'হৰ মাংস প্ৰসাদ ৰূপে ভক্ষণ কৰিছিল ।কোনো কোনো পীঠত ব্ৰাহ্মন পুৰোহিতে যথা বিহিত পূজা কৰিছিল ।পব্বৰ্তীয়া গোঁসাইৰ আগমনে অসমৰ শক্তি উপাসনা পদ্ধতিলৈ পৰিবৰ্তনৰ জোৱাৰ আনে।পুৰণি অসমৰ বিভিন্ন শক্তি পীঠ সমূহত অনাৰ্য পদ্ধতিৰে পূজা চলিছিল বিষেশকৈ ফুৰবাৰী ,দেওঘৰ,দেওঁপানী, কামাখ্যা আদিত প্ৰাচীন জনজাতীয় পদ্ধতিৰে পূজা অৰ্চনা কৰি আহিছে।পব্বৰ্তীয়া গোসাঁইয়ে নিজে পূজাৰ বিধি ৰচনা কৰি অসমৰ থান ,দেৱালয় আদিত নতুন পদ্ধতিৰে পুজা অৰ্চনা কৰিবলৈ নিৰ্দেশ দিয়ে!
আহোম ৰাজত্বৰ কালত দূৰ্গা বা শক্তিয়ে আহোম
ৰজা সকলৰ উপাসনাত প্ৰাধান্য লাভ কৰে। আহোম সকলৰ ভিতৰত পোন প্ৰথমে প্ৰতাপ সিংহই মাটিৰ প্ৰতিমা সজাই শক্তি পূজা কৰে।আহোম সকলৰ মাজত দূৰ্গা পূজাৰ বাহিৰেও লোকাচাৰ অনুসৰি সুবচনী নামৰ বিশেষ শক্তি পূজাৰ প্ৰচলন আছিল ।তেওঁলোকৰ বাবেই সুবচনীয়ে ৰাজ ধৰণী ,সংসাৰ ধৰণী আৰু জগত ঈশ্বৰী ।সুবাচনী বাহিৰে তেওঁলোকে কেঁচাইখাইটি,লখীমী,আদি শক্তি পূজা কৰে।
অসমৰ প্ৰাচীন শক্তিপীঠ কামাখ্যা , তাম্ৰেশ্বৰী আৰু কেঁচাইখাইটিৰ বাহিৰে প্ৰায়বোৰ শক্তি পীঠেই আহোম ৰাজত্ব কালত নিৰ্মাণ কৰে।তাৰ ভিতৰত শিৱ সিংহৰ দিনত শিৱসাগৰৰ দেৱী দৌল,উগ্ৰতাৰা মন্দিৰ, প্ৰমত্তসিংহৰ দিনত শিলঘাটৰ কামাখ্যা মন্দিৰ, ৰাজেশ্বৰৰ দিনত ৰংপুৰৰ হৰগিৰিদেৱালয়, লক্ষ্মীসিংহৰ দিনত হাজোৰ জয় দূৰ্গা মন্দিৰ,গৌৰি নাথ সিংহৰ দিনত বুঢ়ি গোসাঁনীৰ দেৱালয়।আদি বিভিন্ন শক্তিপীঠৰ নিৰ্মাণ হয়।শক্তিপূজা বা মাতৃ পূজা উৰ্বৰা বিশ্বাসৰ প্ৰতিক ইয়াৰ সৈতে কৃষিৰ সম্পৰ্কও বিদ্যমান ।তৰো উপৰিও উমা,পাৰ্বতী,আৰু দূৰ্গাই ভাৰতীয় সংস্কৃতিত শক্তি পূজাৰ নিদৰ্শন হিচাপে প্ৰাধান্য লাভ কৰিছে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ