মাজুলীৰ চকুলো-ৰঙিলী লইং

©Admin
0
মাজুলীৰ চকুলো

মাজুলী এটি আধ্যাত্মিক 
সমৃদ্ধ পৰ্যটন স্থল 
মাজুলীৰ নাই কি?
কিন্তু সকলো থাকিও
কিয়.....কিয়.....
ভিন্ন প্ৰতিভাৰ মৃত্যু আজি
এয়াই নেকি মাজুলী.....
য'ত একাত্মক ,উচ্চা আকাংক্ষা
আদৰতাৰ।

মাজুলীয়ে নাজানে কি...?
প্ৰতিশ্ৰুতি, নিৰ্মল মৰম, 
নিভাজ প্ৰেৰণা আৰু বহু কিবাকিবি....
মাজুলীয়ে জানে উৎসৱৰ ক্ষণ গণিব
বৰগীতেৰে সুৰ নিগৰাব
তথাপিও নিমিষতে হেৰায় গ'ল
হাজাৰ হাজাৰ বুকুৰ মাজত
জীৰণী লোৱা শ শ লোকৰ সপোন।
তথাপিও নিমাত কিয় আজিও ৰজা মহাৰজা.....?
শূণ্য মাজুলী,
হেৰায় গ'ল 
অনন্য প্ৰতিভা।
আইৰ কোলা উদং কৰি
চিৰ দিনৰ বাবে
নিদ্ৰাত গ'ল তেজস্বীতা।

 
◾ৰঙিলী লইং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)