অশ্ৰুসিক্ত দুচকু- আলতাব হুছেইন

©Admin
0
তুমি আঁতৰি যোৱাৰ পাছত 
নিৰৱ নিস্তব্ধ নিশাবোৰে 
 মনত পেলাই দিয়ে 
তোমাৰ প্ৰতিশ্ৰুতি আৰু স্মৃতিবোৰৰ কথা ।

তোমাৰ প্ৰতিশ্ৰুতি আছিল
চিৰ জীৱন মোৰ বাগিছাত
এটি সুগন্ধি ফুল হৈ থকাৰ
আৰু সেই ফুলৰ পৰা 
এটি ৰঙীন পখিলা জন্মাৰ কথা ।

তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পৰিলে
দুয়ো চকুৰে অশ্ৰু নিগৰি আহে
বহুত চেষ্টা কৰো তোমাক পাহৰিবলৈ
কিন্তু তোমাৰ কোমল শেৱালি হাঁহিটোয়ে
কেতিয়াও পাহৰিবলৈ‌ নিদিয়ে ।

তুমি মোৰ সপোনৰ ঘৰখন ভাঙি
ক'ত আছা লুকাই থাকি 
কাকনো সাজি দি আছা সপোনৰ ঘৰখনি
য'তে আছা সুখে - শান্তিৰে থাকা 
মোৰ দৰে বেলেগৰ
লগতো নকৰিবা প্ৰতাৰণা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)