সত্যনাথ বৰাৰ গদ্য শৈলীৰ চমু আলোচনা- গীতালী বৰা

©Admin
0
অসমীয়া গদ্য সাহিত্যক অধিক সমৃদ্ধিশালী কৰি তোলাত বিশেষ অৱদান আগবঢ়োৱা এজন ব্যক্তি হ'ল সত্যনাথ বৰা। সত্যনাথ বৰাৰ গদ্য ৰচনাসম্ভাৰ ভিন্ন বিষয়বস্তু আৰু ভাষিক বৈশিষ্ট্যৰে সমৃদ্ধ। মাতৃভাষাৰ প্ৰতি থকা গভীৰ প্ৰেম, বস্তুনিষ্ঠ সাৰগৰ্ভ ৰচনাশৈলী,মৃদু ব্যঙ্গ হাস্যৰসৰ প্ৰকাশ আদি গুণ তেখেতৰ ৰচনাত প্ৰতিফলিত হয়।এই গুণসমূহৰ বাবেই সত্যনাথ বৰা দেৱৰ গদ্য ৰচনাসম্ভাৰে সহজেই পাঠকক আকৰ্ষিত কৰে।
    সত্যনাথ বৰাৰ দ্বাৰা ৰচিত প্ৰায়বোৰ প্ৰবন্ধই প্ৰবচনমূলক নীতিগৰ্ভ উক্তি আৰু ব্যৱহাৰিক উপদেশব্যঞ্জক মন্তব্যৰ দ্বাৰা সমৃদ্ধ। এনেধৰণৰ উৎকৃষ্ট গদ্য সৃষ্টিৰ বাবেই সমালোচকসকলে সত্যনাথ বৰাক 'অসমীয়া সাহিত্যৰ বেকন' আখ্যা দিছে। ইংৰাজী ভাষাৰ বিখ্যাত প্ৰবন্ধ লেখক ফ্ৰান্সিছ বেকনৰ ৰচনাত সাৰগৰ্ভ প্ৰৱচনমূলক‌ ৰীতি বিশেষভাৱে উল্লেখনীয়।
   সত্যনাথ বৰাই গদ্যৰচনাত ভাব প্ৰকাশৰ বাবে জুখি-মাখি শব্দ প্ৰয়োগ কৰে। প্ৰকাশ ৰীতিত কোনো মেৰপাক নথকাকৈ চুটি চুটি বাক্যৰ প্ৰয়োগ কৰে।বৰা দেৱৰ চিন্তা গধুৰ তত্ত্বমূলক ৰচনাসমূহত বাক্য বিন্যাস অনাড়ম্বৰ, ব্যাকৰণৰ প্ৰতি আনুগত্য প্ৰকাশ, বিদেশী শব্দ পৰিহাৰ কৰা, জতুৱা ঠাঁচপূৰ্ণ কথ্যভাষাৰ প্ৰয়োগ আদি গুণ পৰিলক্ষিত হয়। সত্যনাথ বৰাদেৱে তৎসম,তদ্ভৱ অৰ্ধ তৎসম শব্দৰ প্ৰয়োগ কৰি নিজৰ ভাষাপটুতাৰ পৰিচয় দিছিল। বৰাদেৱে গদ্যত ৰচিত সাহিত্যৰাজিৰ বিভিন্ন ঠাইত পৰিৱেশ পৰিস্থিতিৰ প্ৰকাশ ঘটাবলৈ অসমৰ গ্ৰাম্য জীৱনত ব্যৱহৃত সহজ-সৰল অসমীয়া শব্দৰ প্ৰয়োগ কৰিছিল,যেনে: কেলেহুৱা, চেমনীয়া,কদাপি ইত্যাদি। সত্যনাথ বৰাই ইংৰাজী শব্দৰ হুবহু ব্যৱহাৰৰ পৰিৱৰ্তে লিপ্যন্তৰ কৰিহে শব্দবোৰ ব্যৱহাৰ কৰিছিল, যেনে:ফটোগ্ৰাফ,মাষ্টৰ, স্কুল ইত্যাদি। সত্যনাথ বৰাই গদ্য ৰচনাৰাজিত আৰবী-ফাৰ্চী শব্দ,মিশ্ৰ শব্দ, অনুৰূপ-যুৰীয়া,অনুকাৰ শব্দ,দ্বিৰুক্ত শব্দ ইত্যাদিৰ ব্যৱহাৰ কৰিছে।সত্যনাথ বৰাই এজন কীৰ্তি শব্দশিল্পী হিচাপে আখ্যা পাইছে তেখেতৰ গদ্যৰচনাত প্ৰয়োগ কৰা নিজা সাধিত শব্দসমূহৰ দ্বাৰা,যেনে:সুপক্ক,সুসিদ্ধ,নিমৰমিয়াল ইত্যাদি। বৰাদেৱে গদ্যৰচনাত প্ৰয়োগ কৰা অলংকাৰে তেওঁৰ গদ্যক অধিক সোন্দৰ্যশালী কৰি তুলিছে। বৰাদেৱে অনুপ্ৰাস,উপমা,ৰূপক,উৎপ্ৰেক্ষা ইত্যাদি অলংকাৰৰ প্ৰয়োগ কৰিছে। সত্যনাথ বৰাই তেওঁৰ গদ্য ৰচনাত যতি চিহ্নৰ কৌশলী প্ৰয়োগ কৰি তেওঁৰ গদ্যক সংহত আৰু অৰ্থবহ কৰি তুলিছে। সত্যনাথ বৰা এনে এজন গদ্য লেখক যি স্বকীয় দৃষ্টিভংগীৰে যুক্তিবাদী মতামত নিজৰ গদ্য ৰচনাত প্ৰকাশ কৰিছিল। 
এইদৰে বিভিন্ন গুণেৰে পৰিপূৰ্ণ বৰাদেৱৰ গদ্য সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)