তেজস্বিতা প্ৰণামো তোমাক - নাছিৰ আহমেদ

©Admin
0
হে পাষাণ দেৱতা ভগৱান !
তুমি মোৰ মাথোঁ এটা প্ৰশ্নৰ সমিধান দিয়া ------
কিমান ডাঙৰ অপৰাধ কৰিলে আদালতৰ কাঠগড়াত থিয় হ'ব লাগে?
কিমান নিষ্ঠুৰ হত্যাকাণ্ডত জড়িত হলে
আচামীক ফাঁচিকাঠত ওলমাই দিব লাগে?

তেজস্বিতা মাথোঁ অৰ্ধপ্ৰস্ফূটিত পুষ্প -উদ্যানৰ 
এটি ফুল-কুমলীয়া কলি ; 
যাৰ শুৱলা কণ্ঠৰ মধুৰ সুৰৰ মূৰ্চ্ছনা , মাধুৰ্য 
আৰু লয়লাস ভংগীৰে কৰা নৃত্যৰ ছন্দে ছন্দে
বিশ্ব জুৰি বিয়পি গৈছিল সচ্চিদানন্দৰ মহা অনুভৱ!

তুমি কেনে নিষ্ঠুৰ দেৱতা !
তেজস্বিতাৰ গুণ-গৰিমাত ঈৰ্ষাপৰায়ণ হৈ 
তেওঁক এই সুন্দৰ ভূৱনৰ পৰা কাঢ়ি লৈ গলা ?

এতিয়া, তুমি সাজু হোৱা, তোমাৰ এই অপৰাধৰ বাবে আদালতৰ কাঠগড়াত
বা নিষ্ঠুৰ হত্যাকাণ্ডৰ বাবে ফাঁচিকাঠত ওলমি থাকা ।
ইহকাল, পৰকাল বা আজীৱন !

তেজস্বিতাৰ চকুৰ পানীৰে সাগৰৰ পৰা 
 পৃথিৱীৰ বুকুলৈ এতিয়া সৃষ্টি কৰিছে মহা প্লাৱন ।

হে মহান শিল্পী তেজস্বিতা , শতকোটি প্ৰণামো তোমাক।

✍️নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)