এখন পৃথিৱী লাগে - গায়ত্ৰী কোঁৱৰ

©Admin
0
এখন পৃথিৱী লাগে
এখন ভিন্ন পৃথিৱী
য'ত কোনো মানুহ ভোকাতুৰ নহ'ব
মানুহৰ তেজ - মাংসৰ ,
য'ত নাথাকিব ৰং - তামাছা কৰি 
দিন নিওৱা এচাম বিলাসীতা
আৰু নাথাকিব পেটৰ তাড়নাত 
ফুটপাতৰ জাৱৰ খুচৰা এচাম আৰ্তনাদিতা ।
আপোনৰ নামত নাথাকিব
কোনো স্বাৰ্থ লেখ ,
পৰাধীনতাৰ সাজ নিপিন্ধা
এখন অভিন্ন পৃথিৱী লাগে ।
ৰাজনীতিৰ চক্ৰমায়া 
কুবেৰপতিৰ চলাহী কথা 
একোৱেই নালাগে ,
নালাগে আদৰ্শৰ নামত নামৰ দৰ - দাম 
নালাগে প্ৰেমৰ নামত অসহায়জনৰ চিৎকাৰ ।
এখন আপোন মনা আকলুৱা
মৰমৰ পৃথিৱী লাগে ,
আই মাতৃৰ আলসুৱা সন্তানৰ দৰে ।

✍️শ্ৰীমতী গায়ত্ৰী কোঁৱৰ , ডিব্ৰুগড় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)