অতীত-চেমিমা চুলতানা

©Admin
0
অতীত নামটো
কেতিয়াবা বৰ মিঠা
কেতিয়াবা যে 
লাগে তিতা , 

সময়ৰ কামবোৰ 
কৰিবা সময়ত
পুনৰ যে সেই সুবিধাবোৰ 
নাপাবা জীৱনত। 

স্বপ্ন ভংগৰ বেথাই 
যেতিয়া ধৰিব 
হেঁচা মাৰি
অতীতক সোঁৱৰিবা
তেতিয়া তুমি। 

যেতিয়া মূৰত পৰিব
জীৱনৰ বোজা
নোৱাৰিবা কৰিব 
নিজকে ক্ষমা
সঘনে পৰিব 
তেতিয়া মনত 
পাৰ যে কৰিছিলা সময়বোৰ
অদৰকাৰী কামত। 

সময় থাকোঁতেই কৰা 
জীৱনৰ শুধৰণি
নহ'লে পাৰ কৰিব লাগিব জীৱন
হায় ! হায় ! কৰি ।

              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)