নিৰস মজিয়া খনত
দুখৰ ৰাতি সপিবলৈ কাষত কোনো নাই
অজান দেশৰ জিৰণি ঘৰত
মাতৃ শুই আছে সুখৰ পালেঙত ।
নগৰ খনত বাস কৰা
কেইবা বছৰো হ'ল
এতিয়া
লেতেৰা গোন্ধবোৰ গাত লাগিছে
ঘৃণাৰ জীৱনত উঠিছে সন্নিপাত জ্বৰ ।
জীয়া সাথঁৰ ভাঙিব নোৱাৰোঁ
আন্ধাৰত কামনাই খলকনি তোলে
আলিঙ্গনত উত্তাপৰ স্বপ্নজালে
গিলি পেলইছে মোক ।
স্পৰ্শ কৰিছোঁ বহু পতিতাক
মুক্ত বাণিজ্য মোৰ অৰ্থ উপাৰ্জনৰ ।
গাঁৱৰ ঘৰ খন এলাগি হ'ল
ক্ষোভত এৰি আহিলোঁ এদিন
নাটকীয় কায়দাৰে
চহৰৰ মাজ মজিয়াত থিতাপি ললোঁ
মায়া নগৰীৰ বেপেৰুৱা পথত
মস্তিষ্ক চৰি ফুৰিছে
এইয়াই দাম্ভিক যৌৱন ।
নিশা মুক্ত মনৰ উন্মুক্ত ব্যৱসায়
আৰু দিনৰ পোহৰত
নিঃসৰিত কামনা লুকুৱাই
ইচ্ছামতে ঘূৰিব পৰা হলোঁ
কিন্তু বেদনা শেষ ন'হল
জীয়া বেদনাৰ জাপ লগতে থাকিল ।
▪️অনন্ত কুমাৰ ভূঞা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ