তলসৰা কুঁৱলীৰ ফুল-শান্তনু হাজৰিকা

Rinku Rajowar
0
শৰতৰ শীতল আৱৰণৰ মাজত তোমাক দেখিছিলোঁ
তুমি হেনো তলসৰা শেৱালী দিনত নুফুলা ।
হিমচেঁচা কুঁৱলীৰ মাজত তোমাক বিচাৰিলোঁ
তুমি ধৰণীত পাৰি দিলা শীতল শেৱালীৰ দলিচা।
হাজাৰজনে তোমাক গছকি মোহাৰি যায়
তুমি বাৰু নোহোৱা নেকি আঘাতপ্ৰাপ্ত ?
কুঁৱলীৰ আঁৰত সদায়ে পাৰা এখনি নতুন দলিচা
এয়াই নেকি তোমাৰ বাৰু মৌনতাৰ অস্তিত্ব ?
বুকুত কেনেকৈ সহা হাজাৰ গছকৰ ভৰ
নোপোৱানে অলপো তুমি যন্ত্ৰণা ?
মোকো দিয়া সেই মহান অমৃত মন্ত্ৰ
কিজানি সহিব পাৰোঁ মৌনতাৰে সকলো বেদনা !!!
                                  
✍🏻শান্তনু হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)