তৃতীয় পক্ষ- শতাব্দী শৰ্মা

©Admin
0
 দ্বিতীয় পক্ষক সামৰি 
আজিৰ তাৰিখত দেখিছোঁ
আনৰ চকুত মোৰ দোষৰহে প্ৰকাণ্ড লিষ্ট।
বাকীবোৰ পানীৰ দৰে , 
যিকোনো পাত্ৰত আকাৰ লয় !! 
মই শৈশৱতে কৰা ভুলটোৱে আজিও 
মন - মগজুত প্ৰচণ্ড কোব মাৰে মাজে মাজে!
সৰু হৈ থকাটো ভুল নাছিল,
শকুনিৰ ৰূপত তৃতীয় পক্ষ হৈ মোৰ
আশে-পাশে থকাবোৰক ধৰিব পৰা নাছিলোঁ ।
তেওঁলোকে একালত নিজে চুগাৰ ক’টেড হৈ 
মোক অপ্ৰিয় কৰিলে অন্যৰ চকুত ।
বুজাসকলে কি বুজিলে নো ? মই নাজানো 
চাৰিওফালে বন্ধু - বিচ্ছেদ !
তথাপি চেষ্টা ভাললৈ, 
কিন্তু কাল - মহাকালৰ অবান্তৰ প্ৰাচীৰ।
মই স্বেচ্ছাই অন্ধত্ব বৰণ কৰা গান্ধাৰী নাছিলোঁ,
নাছিলোঁ কোনো ৰাজসভাৰ চকু মুদা কুলিহেন সভাসদ ,
মইতো নাছিলোঁ বহুকাল নিদ্ৰাৰত কুম্ভকৰ্ণ !!
মানুহ চিনাৰ মন্ত্ৰ শিকি
আজিকালি অবিশ্বাসৰ মেৰপাক গুচাবলৈ সময় লাগে।
ভাললৈ তৃতীয় পক্ষ কাকো নাই পোৱা ,
সকলো কালৰ খ্যাতিতেই ক্ষতিকৰ।
মনৰ মাজতে কঢ়িয়াই আছো কথাবোৰ , 
চক্ৰবেহুত নোসোমাও ।
চিনিছো আজিও তৃতীয় পক্ষ ,
সুযোগ বিচাৰি বিৰাজমান ! 
            
✍️শতাব্দী শৰ্মা
      নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)