মোৰ বুকুৰ কোনোবা এচুকত,
তোমাৰ প্ৰতিটো স্পৰ্শ আজিও সজীৱ
মোৰ হৃদয়ৰ প্ৰতিটো অলিন্দত।
নিৰিবিলি জোনাকীৰ কোমল পোহৰে
আজিও দিয়ে মোক তোমাৰ বতৰা,
আলিবাটৰ দাঁতিৰ সেই আঁহতৰ তলে
কিয়বা তুলি ধৰে অতীতৰ সঁফুৰা।
ৰিব ৰিব ফাল্গুনীত আজিও পাওঁ
তোমাৰ হাতৰ জেতুকাৰ সুবাস,
এন্ধাৰতো খেপিয়াই চাওঁ
পাওঁ নেকি তোমাৰেই আভাস।
তৰাবোৰৰ তিৰবিৰ চকলোত
স্পষ্ট মোৰ অতীতৰ কথা,
সিহঁতৰে কোনোবাই পলাই ফাট মাৰে
সহিব নোৱাৰি মোৰ মনৰ বেথা।
আঁহতৰ কঠিন পেৰাটোত
খুচুৰি চাওঁ সেই নিবিড়তাবোৰ,
য'ত আছিল মাথো দুয়োৰে অস্তিত্ব,
প্ৰতিবাৰে উভতো এবুকু হুমুনিয়াহলৈ
ৰৈ যায় কেৱল নিৰাশাৰ প্ৰভূত্ব।
✍️ফখৰুদ্দিন আলি আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ