শিশু দিৱস-এটি চমু আলোকপাত | মিনাক্ষী দত্ত

Rinku Rajowar
0
আজি ১৪ নৱেম্বৰ । আমাৰ দেশত প্ৰতিবছৰে ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদ্‌যাপন কৰা হয় । এই দিনটো স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন । ভাৰতীয় শিশুসকলৰ কাৰণে এইটো এটা জাতীয় দিৱস । জৱাহৰলাল নেহৰুৰ শিশুপ্ৰীতি সৰ্বজন বিদিত । তেওঁ যি দেশতেই পৰ্দাপণ কৰিছিল সেই দেশৰ ল'ৰা - ছোৱালীয়ে নেহৰুক আৱৰি ধৰিছিল । ভাৰতৰ শিশুসকলৰ কাৰণে নেহৰু আছিল- "চেনেহৰ খুড়া" ।
           পৃথিৱীৰ সকলো মানুহে নেহৰুক ভাল পাইছিল । অৱশ্যে ভালপোৱাৰ কাৰণবোৰ ভিন ভিন । নেহেৰুৰ স্বভাৱ , কুটনৈতিক কাৰ্য্যকলাপক কল্যাণমুখী কৰা , শিশুসুলভ সৰলতা আৰু মোহনীয় ব্যক্তিত্বৰ কাৰণে সকলোৱে অন্তৰত ঠাই পাইছিল । ভাৰতৰ এটা বিখ্যাত অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰিও স্বদেশৰ মুক্তি সাধনাত ব্ৰতী হৈ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰোঁতে সকলো সুখ ত্যাগ কৰি মানুহৰ লগত মিলি গৈছিল । স্বাধীনতা সংগ্ৰামৰ কালত অনীতি - অত্যাচাৰৰ আৰু সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তুলিছিল ।

        পৃথিৱীৰ বহুকেইখন অনগ্ৰসৰ দেশৰ লোকে নেহেৰুৰ চিন্তাধাৰা আৰু কাৰ্য্যৰ মাজত বিশ্বকল্যাণৰ আশাপ্ৰদ ছবি দেখিবলৈ পাইছিল । নেহেৰুৰ ভাৱ আছিল - মানুহে মানুহক শোষণ কৰা অনুচিত ।  বিশ্ব হ'ব লাগিব - মুক্ত মানুহৰ মিলনথলী ।পৃথিৱীৰ বিভিন্ন জাতিৰ মুক্তি আন্দোলনৰ সংগঠকসকলৰ কাৰণে নেহেৰুৰ বাণী আছিল - প্ৰেৰণাৰ উৎসস্বৰূপ ।  

      নেহেৰুৱে আটাইতকৈ বেছি ভাল পাইছিল শিশুসকলক । তেওঁৰ মনো আছিল শিশুৰ দৰে প্ৰবিত্ৰ । শিশু মানেনো কি ? কবি লক্ষ্মীধৰ শৰ্মাৰ ভাষাৰে -
  হিয়াত আমাৰ আনন্দৰ খনি
   সৰলতা ভৰা প্ৰাণ
   মুখৰ হাঁহিত জগত উজ্জ্বলে
   জগত পিতাৰ দান । 

    মুখত মিচিকিয়া হাঁহিৰে উলাহত নাচি-বাগি জপিয়াই থকা কণ কণ মইনাহতেঁই শিশু । এইবোৰ শিশু পিতৃ- মাতৃ আশা ভৰসাৰ থলী । দেশৰ ভাবী নাগৰিক । 
কণ কণ মইনাহঁতে সেয়েহে সৰু কালছোৱাতেই শিশুক উপযুক্ত শিক্ষা দি ভাল পৰিৱেশৰ মাজত ৰাখি সজ নাগৰিক ৰূপে গঢ় দিব লাগে । এই কণ কণ মইনাহঁতে নেহেৰুক প্ৰাণভৰি ভাল পাইছিল । নেহেৰুৰ জন্মদিন ১৪ নৱেম্বৰ দিনটো ভাৰতৰ শিশুসকলৰ কাৰণে এটা জাতীয় দিন । নেহেৰু জীয়াই থাকোতে হেজাৰ বিজাৰ শিশুৱে ফুলৰ থোপা উপহাৰ দি তেওঁক জন্মদিনৰ সম্ভাষণ জনাইছিল । তাৰোপৰি শিশুহঁতে নেহেৰুৰ আগত নাচ -গান প্ৰদৰ্শন কৰিছিল । নেহেৰুৰ শিশুপ্ৰীতি ভাৰতখনত প্ৰতি থকা চেনেহৰেই নিদৰ্শন ।  তেওঁ ৰাষ্ট্ৰীয় উন্নয়নৰ আঁচনি কৰিবৰ সময়ত  সকিয়াই দিছিল যে- ' শিশু কল্যাণৰ বিভিন্ন দিশৰ ওপৰত জোৰ নিদিলে পৰিকল্পনা অসম্পূৰ্ণ হৈ ৰ'ব ' ।

         চৰকাৰী আৰু বেচৰকাৰীভাৱে শিশু মংগলৰ কাৰণে বিভিন্ন আঁচনি কৰা সত্ত্বেও কৰিব লগা কাম এতিয়াও অনেক আছে । নতুন যুগৰ লগত খাপ খুৱাব পৰা শিক্ষা - দীক্ষাৰে অনুকূল পৰিৱেশ এটা সৃষ্টি কৰাৰ বাবে চৰকাৰ ,অভিভাৱক আৰু সমাজ অধিক পৰিমানে তৎপৰ হোৱা দৰকাৰ । শিশুসকল হ'ব লাগিব সুস্থ - সবল আৰু সমাজৰ সকলো কথা বুজি পোৱা সচেতন ব্যক্তি । সেয়েহে এটি শিশুৰ সৰ্বাঙ্গীন বিকাশৰ ওপৰত চকু দিব লাগিব । অৱশ্যে ইয়াত শিশু আৰু মাতৃৰ স্বাস্থ্য কথাও আহি পৰে । আজি শিশু কাইলৈ দেশৰ ভবিষ্যত নাগৰিক । শিশুসকলৰ সুন্দৰ ভবিষ্যত গঢ়ি তুলিবলৈ আমাৰ পিতৃ-মাতৃ তথা অভিভাৱকসকলে কিছুমান ত্যাগো কৰিব লাগিব । এই ত্যাগৰ বিনিময়তে গঢ় লৈ উঠিব এচাম সুন্দৰ নাগৰিক । যিবোৰে কিছুদিনৰ পিছতেই ৰাষ্ট্ৰৰ সৰ্বাঙ্গীন উন্নতিৰ দায়িত্ব মূৰ পাতি ল'ব । শ্ৰদ্ধাৰ কবি নলিনীবালা দেৱীৰ ভাষাৰে - 
"তুমি যদি ফুলি উঠা শতপাহি মেলি
পৃথিৱীৰ শিশু পাৰিজাত 
নন্দন সুৰভিৰে নিষ্পাপ হিয়াৰ 
নেথাকিব এন্ধাৰ ধৰাত " ।


             🅾️মিনাক্ষী দত্ত ।
     ধেমাজি (মাছখোৱা) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)