সেই আলি কেঁকুৰিটোলৈ ,
পেগু বজাৰৰ সৰু চাহ দোকানখনলৈ
চাহৰ কাপত সোহা মাৰি চৰচৰণি খাই
ইফালে সিফালে চাওঁতে
চকুত চকু পৰিছিল তোমাৰসতে ।
খিৰিকীৰ ফাঁকেৰে
সৰকি যোৱা কোমল বতাহছাটিয়ে
তোমাৰ মেঘালী চুলিটাৰিত ঢৌ খেলিছিল তাতে আবেলিৰ হেঙুলীয়া বেলিৰ আভাই
সোণত সোৱগা চৰাইছিল ।
আৰু তুমি মোৰ অৱস্থাটো দেখি
মাৰিছিলা মিচিকি হাঁহি ।
তোমালৈ কিমান সময় মই চাই আছিলোনাজানো।
নজনাকৈয়ে মই তোমাৰ প্ৰেমত পৰিছিলো আৰু তুমি...... তাতেই আৰম্ভণি
আবেলি হ'লেই প্ৰতিদিনে খোজ দিছিলো সেই চাহ দোকানখনলৈ
খোলা খিৰিকীৰ ফাঁকেৰে তোমাক জুমি চোৱা চকুৱে চকুৱে চাই বহু কথা পতা
লাহে লাহে তুমিও আহা অচিনাকী বেশেৰে
চিনাকি মনৰ মানুহজনৰ কাষলে........গতানুগতিক
হঠাৎ খবৰ আহিল মই বোলে যাব লাগে
দেশ মাতৃৰ সেৱাৰ বাবে সীমান্তলে
তোমাক সদায় দেখা আবেলিটো এতিয়া মোৰ গধূলি হৈ পৰিছে
তোমাক কোৱা নহ'ল , কবলৈ সময়েইবা পালো ক'ত ?
তোমাৰ চাগে অভিমানত দুগাল ৰঙা পৰি গৈছে অথবা খঙত..........
অ' মোৰ ঠিকনাটো
চোন তোমাক দিয়াই নহ'ল
মন গ'লে কেতিয়াবা
বগা কাগজত শব্দৰ মালাগাঠি
মলয়াৰ দুপাখিত গুজি দিবলৈ
তোমাৰ খবৰ জনাই মোৰ খবৰ ল'বলৈ ।
✳️শ্ৰীমতী মিনাক্ষী দত্ত ।
ধেমাজি (মাছখোৱা) ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ