সততা-নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
আহিনৰ পদুলিত শৰতে দোলা দিয়াৰ লগে লগে মা দুৰ্গাৰ ধৰালৈ নামি অহাৰ সময় সমাগত হয় । ঋতু ৰাণী শৰতৰ আগমনে বাৰিষাৰ পংকিলতা দূৰ কৰি ধৰালৈ এক নিৰ্মল পৰিবেশ কঢ়িয়াই অনাৰ লগে লগে মা দুৰ্গাইও আসুৰিক শক্তি ৰোধ কৰি মানুহৰ বাবে শান্তিৰ সুবাস চটিয়াই ।  এনেহেন  দুৰ্গোৎসৱৰ সময়লৈ ৰাণাই অতি আগ্ৰহেৰে দুৰ্গামন্দিৰৰ দুৱাৰ দলিত ৰৈ থাকে ।কাৰণ তাৰ বিশ্বাস কোনোবা সৎ মানুহে আহি তাৰ নিচিনা পিন্ধিবলৈ এসাজ কাপোৰ নথকা ল'ৰা -ছোৱালীক পূজাৰ কাপোৰ দিব লগতে পূজাৰ বজাৰ কৰিব পৰাকৈ পইচা দিব ।কাৰণ পূজাৰ বজাৰত দোকানৰ ওচৰলৈ যোৱাৰ সক্ষম তাৰ নাই । দোকানত বস্তুৰ  দামৰ উত্তাপ চিটিকি আহিব লগা অবস্হা । এইফালে ৰাণাৰ মাকৰ  সি জন্ম হোৱাৰ পিছতে মৃত্যু হৈছিল । আৰু দেউতাক চিৰ ৰুগীয়া । সেয়েহে ৰাণাই সিহঁতৰ ওচৰত থকা দুৰ্গামন্দিৰটো চিকুণাই ৰাখে আৰু চাকি বন্তি জ্বলাই পুৱা গধূলি ।তাৰ বিনিময়ত কমিটিয়ে পইচা দিয়ে যদিও দেউতাকৰ লগত খৰচ হৈ যায় ঔষধে পাতিয়ে । সি নিজৰ কাৰণে একো ল'ব নোৱাৰে । কিন্তু সি দুখ নকৰে কাৰণ সি বৰ সৎ স্বভাৱৰ আৰু দেউতাৰ প্ৰতি অপত্য স্নেহ আছে তাৰ সৰু হৃদয় খনিত ।  প্ৰতি বছৰে দুৰ্গাপূজাৰ সময়ত কোনোবা দেৱতূল্য মানুহে দি যোৱা কাপোৰ জোৰেৰে গোটেই বছৰ চলি যায় । সেয়েহে সি এইবাৰো  আগ্ৰহেৰে ৰৈ থাকিল কোনোবাই অন্তত পূজা বুলি  তাক এজোৰ কাপোৰ উপহাৰ দিব । চাওঁতে চাওঁতে  সকলোৱে পূজাৰ বজাৰ কৰি তাৰ কাষেৰে পাৰ হৈ গ'ল ।তাৰ পিনে কোনো ৱে যে ঘূৰি চোৱা নাই কাপোৰ  দিয়া দুৰৰে কথা ।  কোনোৱে কাপোৰ দিবলৈ নহা দেখি তাৰ মনটো বেয়া লাগি থাকিল ।  কিন্তু মা দুৰ্গাৰ কৃপাদৃষ্টি  নিশ্চয় তাৰ ওপৰত আছে । 
কিয়নো সি দেখা পালে যে তাৰ অপেক্ষাৰ অন্ত  পেলাই এজন ভদ্ৰলোকে গাড়ীৰ পৰা নামি আহিল আৰু তাৰ ওচৰত থিয় হৈ তাৰ পৰিচয় ললে । তাৰ বিষয়ে সবিশেষ জানিবলৈ পাই মানুহজনৰ তাৰ প্ৰতি দয়া উপজিল । কাৰণ তাৰ সততাত মুগ্ধ হৈ পৰিছিল মানুহ জনে । আৰু সেই দেৱতূল্য মানুহজনে তাক  নিজৰ ঘৰলৈ লৈ গ'ল, লগতে  ৰুগীয়া দেউতাকৰ চিকিৎসাৰ
দায়িত্ব ল'লে । সি মনৰ আনন্দত  অশ্ৰুশিক্ত নয়নেৰে  শাৰদীয়া দুৰ্গাদেৱীৰ শ্ৰীচৰণত প্ৰণিপাত জনালে  এনেকুৱা এজন সৎ মানুহ তাৰ ওচৰলৈ পঠিওৱা বাবে । সি মনতে ভাবিলে যে আজি ও পৃথিৱীত সততাৰ অভাব হোৱা নাই ।.........

🔳নিজৰা বৰ্মন ডেকা 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)