খৰাং আলি-বাট।
সুৰ্য্যৰ ৰঙা চকুত
শুকান পথাৰ ঘাট।
ডিগ্ৰী চেন্টিগ্ৰেডৰ
উৰ্দ্ধগামী যাত্ৰা।
গোলকীয় উষ্ণতা
বৃদ্ধিৰ প্ৰদৰ্শন মেলা।
এই যেন এইবাৰ
আগমন নঘটিব শীতৰ।
গ্ৰীষ্ম কালৰ অনুভৱ
ঘৰ্মাক্ত দেহৰ।
হৰ্ঠাৎ.....
গেঁৰ মেলিব ধৰা
ধাননিডৰাৰ সাজোন কাচোন।
দোপালপিটা বৰষুণজাকে
জেউতি চৰাই ধৰিলে দাপোন।
অলংকাৰ পিন্ধি
পথাৰডৰা হ'ব সোণালী।
সেউজীয়াৰ দলিচাত
কিনকিনিয়া বৰষুণৰ ঝনঝননি।
লাজতেই মুচকচ খাই শীত
কুঁৱলীৰ আঁচল টানি।
সেউজীয়াৰ বৰণ সলাই
শাওণৰ পথাৰ গাভৰু আজি।
বিৰিয়াত হালি জালি আঘোণে নাচিব
ৰোৱনীবোৰে নাম সলাই হ'ব দাৱনী।
🔳পাপু শইকীয়া
চিনাতলী (গোলাঘাট)
ভ্ৰাম্যভাষ :-৯৮৬৪৫০২৮৭৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ