হিয়াৰ অনুভৱ-যদুমণি গগৈ

©Admin
0
গোমা আকাশ ডাৱৰৰ অতপালি
দুবৰিয়ে বাট চাই ৰয়
কোমল দলিচা পাৰি- 
 নিয়ঁৰৰ টোপাল সৰে বা !!

নেলিখো বুলিয়ে ভাবো
গোপন বেদনাৰ সুৰ
 সঘনে আহ-যাহ কৰা উশাহে 
হেঁচা-ঠেলা কৰে

পাকনি বতাহৰ চাকঘূৰনীত
 ধূসৰ সৰাপাত 
ওপৰলৈ উৰে
কচুপতিয়া দুখ-সুখৰ বাতৰি পায়
হিয়া ভাগি-চিগি যায় 

 বেগাই দৌৰে মনে, সঘনে
তোমাৰ কাষলৈ
এটি শুভ্ৰ কপৌ হৈ
ৰুণ দি  যাচে শুভ কামনা ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)