সভাপতিৰ অভিভাষণ-হেমেন হাজৰিকা

©Admin
0
সভাৰ সংকেত ধ্বনি বাজিছিল
  অভিজাত জয়ন্তীৰ
  প্ৰাৰম্ভিক কাৰ্যসূচীৰ
  শুভাৰম্ভ অনুষ্ঠান   ।।

  বক্তাৰ বক্তব্য
  শ্ৰোতাৰ মন্তব্য
  পক্ষে-বিপক্ষে
  অনেক কথা  ।।

  অৰ্থনৈতিক পেকেজ
   আমন্ত্ৰিত অতিথি
   প্ৰতিষ্ঠাপক ব্যক্তিৰ তালিকা
   মুখ্য অতিথি
   নিৰ্দিষ্ট বক্তা
   সম্বৰ্ধিত ব্যক্তি
   অনেক কথা
   অনেক মন্তব্য  ।।

   সিদ্ধান্ত গ্ৰহণ
   তাৰিখ বাৰ
   সকলো সমাপ্তিৰ শেষত
   সভাপতিৰ অভিভাষণলৈ
   সকলোৱে বাট চাই ৰʼল  ।।

             ✍️হেমেন হাজৰিকা
                     ৰাণী
             কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)