অসম ৰখীয়াৰ সেনা তুমি
শৰাইঘাটৰ ৰণুৱা তুমি ।
অসমক বচোৱাৰ হেতুকে কৰিলা
শৰাইঘাটৰ যুদ্ধ ।
গঢ়িলা বিৰাট গড়
ৰোধিলা মোগলক
দেশৰহকে নৰীয়া দেহাত
যুঁজিলা ।
'দেশতকৈ মোমাই ডাঙৰ নহয় ।'
বুলি কৈ দেখুৱালা আহোমৰ বীৰত্ব
বঁচালা অসম ভূমিক ।
বৰ লুইতৰ পাৰত জিলিকালা
বীৰত্বৰ সেনানী ৰূপ ।
লাচিতৰ নামৰে জিনিলা দেশৰ মান
গঢ়িলা বৃহৎ অসমীয়া জাতি ।
✍️ মিন্টু গোৱলা, লখিমপুৰ
২৩/১১/২০২২
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ