দেশৰ বাবে মোমাই কাটি,
দেশতকৈ মোমাই ডাঙৰ নহয় ঐ নাতি
গড় বান্ধি জনালে একে ৰাতি!
চটাইৰ টিঙতে মৈদাম দিবি ঐ নাতি
বোলে মৰিলে দেশ ৰাখি !
ঘৰাঘৰি যোৱা অসমীয়া ডেকা
সুখে শান্তিৰে থকা ঘৰ ধৰি!
জগালে অসমীয়া ডেকাৰ অভিমান
যুঁজি মাৰ নাৱতে বৰপীৰা পাৰি ,
বুৰঞ্জী পাত জিলিকালে ঐ নাতি
মোগলক নৰিয়া গাৰেই ভেটি।
✍️নীল প্ৰজাপতি
জাগীৰোড
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ