শুনিচানে কেতিয়াবা
পাখি
ভঙা পখীৰ ৰুণ ?
দেখিছানে কেতিয়াবা
পাখি ভাঙি কোঙা হোৱা
পখীজনীৰ
যন্ত্ৰণাময়
জীৱন ?
সখী,
নাই শুনা যদি
কাণপাতি
শুনাচোন
মোৰ বুকুত এ শুনা পাবা,
নাই দেখা যদি
চোৱা চোন
সখী
মোৰ কলিজাৰ মণি কোঠাৰ সেউজী পৰ্দাখন দাঙি।
হেৰা সখী,
যদি তুমি এদিনো দুখ কেনেকুৱা দেখা নাই।
যদি তুমি গোটেই জীৱনটো
সুখতেই কটাইছা বুলি ভাৱা,
তেন্তে তুমি ভূল কৰিছা ।
জানা সখী,
তোমাৰ ধাৰণা ভূল।
তোমাৰ বিৱেকে আজি তোমাকএই টোষামুদ কৰিছে,
তোমাৰ বিবেকএ তোমাৰেই সমালোচনা কৰিছে।
তুমি হেনো সুখৰ সংজ্ঞাই নাজানা।
তুমি হেনো ভাল পাবই নাজানা।
তোমাৰ বুকুত হেনো এপাহো নুফুলে
চঞ্চলতাৰ ৰঙা জৱা ফুল,
প্ৰণয়ৰ এপাহ গোলাপ।
তোমাৰ বীবেকে কয়,
তোমাৰ হেনো সঁচা অৰ্থত ভালপোৱাৰ ক্ষমতাই নাই,
তুমি হেনো এজন ব্যৰ্থ
অথচ নিজকে ব্যৰ্থ বুলি নভবা প্ৰেমিক।
সেয়ে হয়তো,
তুমি কেতিয়াও শুনা নাই
শুনিবলৈ চেষ্টাও কৰা নাই
পাখি ভঙা পখীৰ ৰুন ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ