অনুভৱ আপোনালৈ -ছেমিমা আকন্দ

©Admin
0
মোৰ মৌন আলাপৰ 
নীৰৱ শ্ৰোতা তেওঁ ।
মোৰ উন্মুক্ত বেদনাৰ 
সমাধান তেওঁ ।
মোৰ দুখৰ 
এটি এটি ক্ষণৰ 
সমাধান তেওঁ ।
মোৰ নিষ্ঠুৰ হৃদয়ৰ
অনুৰাগী তেওঁ ।
কি বুলি আদৰিম তেঁওক 
সুখ বিয়পোৱা ব্যক্তিত্বৰ 
উদাহৰণ তেওঁ
অপেক্ষাবোৰ সযতনে থাকক
ডায়েৰিৰ এটি এটি পৃষ্ঠাত
কল্পনাবোৰ 
ভাললগা হৈ থাকক
অন্তৰৰ এঠাইত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)