মোৰ প্ৰিয়তমাৰ বিয়া।
দুন্দুভি বাজিছে,
বাজিছে শেহনাই,
ৰভাতলিত আয়তীয়ে
বিয়াগীত গায়।
হালধীয়া সপোনেৰে
তোমাক বিহাৰ কৰালোঁ,
বিশ্বাসৰ তেজেৰে
তোমাৰ মেহেন্দী ৰচিলোঁ;
তুমি দিয়া আঙুঠিৰে
গঢ়ি চন্দ্ৰহাৰ;
প্ৰতিশ্ৰুতিৰ ভুষণেৰে
কৰালোঁ শৃংগাৰ।
মোৰ চকুৰ শীতল জলৰে
ধুৱাই পৱিত্ৰ কৰিলোঁ,
কলিজাৰ কেচা তেজেৰে
তোমাৰ চন্দ্ৰফোট আকিলোঁ
প্ৰেম পত্ৰৰ দলিচা মই
পাৰিলোঁ সভাত
ন কইনাৰ সাজেৰে তোমাক
বহালোঁ ৰভাত।
তুমি আজি যাবাগৈ,
মোক এৰি দূৰলৈ,
ৰচিবা নতুন সপোন,
অচিনাকি মন এটাক
কৰিলৈ আপোন।
✍️ফখৰুদ্দিন আলি আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ