জীৱন এক ৰঙ্গমঞ্চ -ছেলিমা বেগম

©Admin
0
এই বিশাল ধৰণীখন এখন মঞ্চ ।
আমি মঞ্চত ,
অভিনয় কৰি আছোঁ।
এইখন ধৰাৰ বুকুত 
কতই যে জন্ম লৈছে 
কত যে মানুহৰ মৃত্যু হৈছে ।
আহিছে মানুহ গৈছে মানুহ 
মাজৰ সময়খিনি মাথোঁ 
এখন নাটঘৰত অভিনয় কৰিছে।
কি যে মায়াভৰা পৃথিৱীখন!
মায়াভৰা পৃথিৱীখন এদিন অগা-পিছা কৰি 
সকলোৱে এৰিব লাগিব ,
মহাকৰ্ষণৰ  নীতি অনুশীলন কৰি ৷
এই নাটঘৰৰ মঞ্চখন 
কেতিয়াও খালীহৈ নাথাকিব 
নিজৰ নিজৰ নাটক চলি থাকিব; 
আমি মাথোঁ ভাৱৰীয়া জীৱনৰ নাট কৰি থাকোঁ। 
এজন গুচি গ'লেও 
আৰু এজন 
নতুনকৈ আলহী আহি জন্ম লৈ নাটকখন চলাই নিয়ে।
কি যে ধৰিত্ৰীৰ নিয়ম! 
যাক কোনেও সলনি কৰিব নোৱাৰে।
তুমি,মই নাথাকিলেও 
চন্দ্ৰ, সূৰ্য 
একেখন কক্ষপথত ঘূৰিব ,
বায়ু,পানী
 বিচৰণ কৰি থাকিব।
আমি মাথোঁ নাটঘৰ এৰি য়াম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)