প্ৰকৃতিৰ সৌন্দৰ্য-বিকাশ দাস

©Admin
0
আজি প্ৰকৃতিৰাজ্যই 
উলাহতে নাচিছে ।
       উপচি পৰিছে আনন্দৰ জোৱাৰ,
ফুল ফুলিছে 
ভোমোৰাই ৰস পান কৰিছে
        এই আনন্দৰ নাই পাৰাপাৰ ।


আকাশত তৰাবোৰে জ্বিলমিল কৰি
        পাতিচে ৰূপৰে মেলা ,
       ‌  ৰূপতে  ৰহণসনা ।

শীতৰে সেমেকা ৰাতিত
      নিয়ৰ পৰে টোপ টোপা টোপ,
নিয়ৰৰ শব্দত প্ৰকৃতি ৰাজ্যই  
    ‌‌ ‌    ‌গীত যোৰে মনোৰম ।

 পানীৰ মাজত ‌মাছ-কাছ-ঘৰিয়ালে
      একেলগে গাইছে বন্ধুত্বৰ সংগীত,
আকাশৰ পৰা মুকুতা ৰূপে নামিছে
         জোনাক যেন এই বৰষুণ ।

ফুলে ফুলে  উৰি উৰি
      চাই আছে ফুলৰে মুখনি ,
আনন্দতে আত্মহাৰা ভোমোৰাই
‌‌   ‌   ফুলৰে মৌ-পান কৰি ।

প্ৰকৃতি কুঁৱৰী প্ৰকৃতি কন্যাই
     জন্ম লৈছিল প্ৰকৃতিৰ বুকুত ,
প্ৰকৃতিৰ মাজতে ধেমালি কৰি
     খোপাত লৈছে নানাৰঙী ফুল ।
 পিন্ধিছে গোলাপ ফুলৰ সাজ 
        তাই আনন্দত মচগুল  ।।
        
আবেলি সময়ত নৈৰ পাৰত
      প্ৰকৃতি কন্যাই চিঙিছে ফুল ,
ফুলবোৰ লাজতে মৰহি যায় 
     প্ৰকৃতি কন্যাৰ পাই হাতৰ পৰশ ।

প্ৰকৃতি কন্যাক 
যাচিছে প্ৰেমৰ প্ৰস্তাৱ
    ‌     প্ৰকৃতি ৰাজ্যৰ কোঁৱৰে ,
প্ৰেমৰ প্ৰস্তাৱক হাহিৰে আকোঁৱালি লৈ
    প্ৰকৃতি কন্যাই ‌ভালপোৱা বিলাইছে‌ ।
    
প্ৰকৃতি কোঁৱৰৰ প্ৰেমৰ আৱেগে 
       লৈছে তীব্ৰ বতাহৰ ৰূপ ,
জোনাক নিশা আকাশৰ তলত বহি
      দুয়ো জুৰি আছে প্ৰেম-সংগীত ।

আজি প্ৰকৃতি ৰাজ্যই নাচিছে 
        সাগৰত ঢৌ উঠিছে ।
        আনন্দৰ জোৱাৰ বৈ আছে ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)