১৭ নৱেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
▪️১৫২৫ চনৰ আজিৰ দিনটোতে বাবৰে ভাৰত আক্ৰমণ অভিযান আৰম্ভ কৰিছিল। সিন্ধু প্ৰদেশেদি এই অভিযান চলাইছিল আৰু এয়া বাবৰৰ ভাৰত আক্ৰমণৰ পঞ্চম আভিযান আছিল।
▪️১৫৫৮ চনৰ আজিৰ দিনটোতে কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হয়।
▪️১৮৫৭ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহীসকলৰ হাতৰপৰা ইংৰাজসকলে লক্ষ্ণৌ দখল কৰে।
▪️১৮৬৯ চনৰ আজিৰ দিনটোতে ইজিপ্তত ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰা ছুৱেজ খাল উদ্বোধন কৰা হয়।
▪️১৯১৯ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।
▪️১৯৩২ চনৰ আজিৰ দিনটোতে তৃতীয় তথা অন্তিমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়। উল্লেখ্য যে এই মেজমেলখন অনুষ্ঠিত হয় ১৪ ডিচেম্বৰলৈ।
▪️১৯৩৯ চনৰ আজিৰ দিনটোতে ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয় । তেওঁ ১৯৪১ চনৰ ২৪ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰে।
▪️২০০০ চনৰ আজিৰ দিনটোতে শিৱসাগৰ জিলাৰ বিহুবৰত সন্দেহযুক্ত আলফাৰ দ্বাৰা ৭জন লোকক গুলীয়াই হত্যা কৰা হৈছিল।
▪️২০১২ চনৰ আজিৰ দিনটোতে ইজিপ্তৰ মানফালুতৰ ওচৰৰ ৰে'লৱে ক্ৰছিংত সংঘটিত দুৰ্ঘটনাত কমেও ৫০ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।
▪️২০১৯ চনৰ আজিৰ দিনটোতে কোভিড-১৯ত আক্ৰান্ত হোৱা প্ৰথম জন ব্যক্তি ধৰা পৰে। ৫৫ বছৰীয়া এই ব্যক্তিজনে চীনৰ হুবেই প্ৰদেশৰ উহানৰ কোনোবা এখন বজাৰ পৰিভ্ৰমণ কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)