ভাগ্য আৰু বাস্তৱ জীৱন-আব্দুল কাদেৰ মিঞা

©Admin
0
সৰহ সংখ্যক মানুহৰ ধাৰণা আমি যি কৰি আছোঁ আৰু যি কৰিম সকলো ভাগ্যত লিখা আছে বাবেই হৈ আছে। এয়া ভাগ্য সম্পৰ্কে ভুল ধাৰণা।
উদাহৰণ- এজন ছাত্ৰই পঢ়া শুনা নকৰে আৰু ভাগ্যত যি আছে হ'ব বুলি কৈ পৰীক্ষাত বহিল।
শেষত পৰীক্ষাৰ ফলাফল আহিল তেওঁ ফেইল কৰিলে। ভাগ্যত ফেইল কৰিব বুলি লিখা আছিল বাবেই ফেইল কৰা নাই। সি নপঢ়াকৈ পৰীক্ষা দিব আৰু ফেইল কৰিব বুলি আগতীয়াকৈ ভগৱানে জানিছিল আৰু সেইমতে তেওঁৰ ভাগ্য লিখিছিল। সি পঢ়িলে পাছ কৰিব পাৰিলেহেঁতেন কিন্তু ভাগ্যক দোষ দি নপঢ়াকৈ পৰীক্ষা দিয়া বাবেই ফেইল কৰিলে।সৃষ্টিৰ সময়ৰে পৰা মানৱ সমাজত সাঙুৰ খাই থকা বিষয়টোয়ে হৈছে আমাৰ ভাগ্য।যাৰ কোনো অস্তিত্ব নাই। নাই কোনো বৈজ্ঞানিক যুক্তিযুক্ততা। তথাপিও বৰ্তমান সময়ত বহুতে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি চলে ।ইয়াৰ কাৰণ অন্ধবিশ্বাস।যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় , বিজ্ঞানে যিবোৰ বিশ্বাসক বা ধাৰণাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।আজি ২১ শতিকাত য'ত মানৱ সভ্যতা উন্নতিৰ চূড়ান্ত শিখৰত উপনীত হৈছে, যি সময়ত বৈজ্ঞানিক আৱিষ্কাৰ সমূহে পৰিবৰ্তন কৰিছে মানুহৰ জীৱন শৈলী সেই সময়তো আমি অন্ধবিশ্বাস, কু-সংস্কাৰ আদি সামাজিক ব্যাধিৰ পৰা মুক্ত হ'ব পৰা নাই।আমি যিমানেই শিক্ষিত হৈছোঁ সিমানেই নিজক সভ্য বুলি কৈছোঁ, কিন্তু নিজকে সমাজত প্ৰচলিত কু-প্ৰথা বা কু-সংস্কাৰ সমূহৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিব পৰা নাই।ধৰ্মৰ দোহাই দি আমি এতিয়াও পালন কৰি আছোঁ কিছুমান যুক্তিহীন নিয়ম।
অসমৰ ক্ষেত্ৰত যদি অন্ধবিশ্বাসৰ কথা আলোচনা কৰা হয়। তেতিয়া হ'লে  প্ৰথমতে নিৰীহ মানুহক ডাইনী সজাই হত্যা কৰাৰ কথাকে ক'ব পাৰি। প্ৰকৃততে ডাইনী বুলি কোনো বস্তুৰ অস্তিত্ব নাই।অসমৰ বহু গাঁও আছে য'ত এতিয়াও বেজ লগোৱা বা যাদু কৰা আদি ধৰণৰ অন্ধবিশ্বাসবোৰ প্ৰচলিত হৈ থকা দেখা যায়। বৈজ্ঞানিক যুক্তিযুক্ততা নথকা এনে কু-প্ৰথাবোৰৰ বাবে সমাজৰ দুৰ্বল সকলে এতিয়াও নানা সমস্যাত ভুগিব লগা হৈছে।বায়ু , শব্দ, মাটি, পানী এই সমূহৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশক যিদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণৰ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে , ঠিক সেইদৰে অন্ধবিশ্বাসে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্য সমুহক আঘাত কৰি সভ্য মানৱ সমাজ খনক কলুষিত কৰে।আধুনিক কালৰ নতুন তথ্যক ভুল বুলি প্ৰমাণিত কৰি যিসকলে খামুচি ধৰি থাকিব বিচাৰে সেই সকলেই অন্ধবিশ্বাসী ।
আদিম মানসিকতাৰে পৰিপুষ্ট মানুহৰ সংখ্যাই আমাৰ  সমাজখনৰ অগ্ৰগতিত বাধা প্ৰদান কৰাৰ  কাৰণ-
১. জ্ঞানৰ অভাৱ
২. মানুহৰ নেতিবাচক দৃষ্টিভংগী।
৩. নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈ কুন্ঠাবোধ নকৰা।
৪. ভিতৰুৱা অঞ্চলৰ বহু লোকৰ মনৰ ভাব বাহিৰৰ অঞ্চলৰ মানুহৰ সৈতে বিনিময় কৰাৰ সুবিধা নোপোৱাত অধিক সংখ্যক লোকে এতিয়াও কু-সংস্কাৰৰ লগত জড়িত হৈ আছে। জনসাধাৰণ অন্ধবিশ্বাসী হৈ পৰাত ই এটা অন্যতম কাৰণ।
৫. বিজ্ঞান আৰু যুক্তিবাদী চিন্তাৰ অভাৱত সৰ্বসাধাৰণ মানুহ অন্ধবিশ্বাসৰ বলি হোৱাৰ প্ৰধান কাৰণ, আৰু ভাগ্য  অন্ধবিশ্বাসৰ গুৰুত্বপূৰ্ণ অংশ।
আচলতে ভাগ্য কি ?
ভাগ্যৰ সংজ্ঞা হৈছে দাৰ্শনিক, ধৰ্মীয় এক ৰহস্যময়তা । যাক আৱেগৰ দ্বাৰা ভিন ভিন ভাৱে ব্যাখ্যা কৰা হয়।যেতিয়া ব্যক্তি এজনে নিয়ন্ত্ৰণৰ বাহিৰত কোনো এটা বিষয়ৰ ওপৰত চিন্তা কৰে তেতিয়াই ভাগ্যৰ জন্ম হয়।ভাগ্য হ'ল কু-সংস্কাৰৰ এটা অধ্যায় যি বিভিন্ন মানুহৰ দ্বাৰা ভিন্ন ব্যাখ্যা কৰা হয়।এই পৃথিৱীত ইজনৰ লগত সিজনৰ ভাগ্য কেতিয়াও নিমিলে।এটা শিশু ৰাজকীয় ঘৰত জন্ম গ্ৰহণ কৰিলে আৰু এটা শিশু ফুটপাতত । এয়া তেনেহ'লে ভাগ্য ?
মোৰ মতে নহয়। ভাগ্য বিশ্বাসী সকলৰ মতে এয়াই ভাগ্য।
এয়াই তেনেহ'লে শিশু সকলৰ ভাগ্যৰ লিখনি ।
এতিয়া মোৰ এটা প্ৰশ্ন। যদি ভাগ্য এয়াই হয় তেনেহ'লে ভগৱান বৰ্ণবাদী(!)তেওঁ নিজেই সৃষ্টি কৰে এনে বৈষম্য।মোৰ মতে ভাগ্যক বিশ্বাস কৰা সকলে নিশ্চয় এইটো ভাগ্য বুলি মানি ল'ব।
কিছুমানৰ মতে কৰ্মৰ জড়িয়তে ভাগ্য বনোৱা হয়। মই এওঁলোকৰ লগত একমত , কাৰণ এওঁলোকে সাফল্যক ভাগ্য বুলি কৈছে । ভাগ্যক সাফল্য বুলি কোৱা নাই। সফলতাৰ যি কোনো নাম সদায় জিলিকি থাকে, আৰু ভাগ্যৰ নাম লাহে লাহে "তাগ্য" হৈ গ'লেও কোনো আপত্তি নাথাকে।
এজন শিক্ষকে পাঁচজন ছাত্ৰক শিক্ষাদান কৰাৰ পিছত নিজৰ অভিজ্ঞতাৰে তেওঁৰ ডায়েৰিত ছাত্ৰ সকলৰ এখন তালিকা প্ৰস্তুত কৰিলে যে - ৰাজু নামৰ ছাত্ৰ জনে A+পাব।
      ৰাজেশ A
      বিজয় A-
      ৰাতুল B আৰু
      মহেশ  C  পাব ।
পৰীক্ষাৰ ফলাফলৰ পিছত শিক্ষকে লিখা মতে ফলাফল আহিল। তেনেহ'লে শিক্ষক জনে লিখাৰ বাবে এনে ফলাফল আহিল। নিশ্চয় নহয়।ভাগ্যৰ বিষয়টো ঠিক এনেদৰেই!এজন চিকিৎসকে তেওঁৰ ৰোগীৰ অৱস্থা দেখি নিজৰ অভিজ্ঞতাৰে তেওঁৰ ডায়েৰিত লিখি থৈছে , যে এইজন ৰোগী তিনিদিন পিছত পুৱা ৯.৩০ মিনিট সময়ত মৃত্যু বৰণ কৰিব।
কাৰ্যত সেইটোৱেই হ'ল।
তেনেহলে চিকিৎসক জনে লিখি ৰখাৰ কাৰণে ৰোগী জনৰ মৃত্যু হৈছে ?
নিশ্চয় নহয়।ঠিক তেনেদৰে ভগৱানে মানুহৰ অৱস্থা আৰম্ভণিৰ পৰাই জনা বাবে মানুহৰ ভাগ্য আগতীয়াকৈ লিখি ৰাখিছে।তাৰ বাবে এই লিখনি মানুহৰ মৃত্যুৰ কাৰণ নহয়। ইয়াৰ কাৰণ হ'ল মানুহৰ ইচ্ছা।যাৰ বাবে ব্যক্তি নিজৰ কৰ্মৰ বাবে নিজেই দায়ী। ভাগ্য এনেকুৱা এটা বিষয় যাৰ সংখ্যা বহুত বেছি তথাপিও এওঁ "আৰু" যদিৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু "আৰু" যদি বুজাবলৈ যি শব্দৰ আশ্ৰয় লোৱা হয় মানৱ জীৱনৰ ক্ষেত্ৰত ইয়াৰ কোনো বাস্তৱ দিশ পোৱা নাযায়।
এই ক্ষেত্ৰত প্ৰশ্ন আহিব পাৰে - মই কিয় ভাগ্যক বিশ্বাস নকৰোঁ। মোৰ উত্তৰ এটাই কাৰণ ভাগ্য বুলি কোনো বস্তু নাই। মই সদায় কৰ্মৰ ওপৰত বিশ্বাস ৰাখোঁ। ভাগ্য এটা অদৃশ্য শক্তি ।যি মানুহৰ ব্যৰ্থতাৰ দায়িত্ব বহন কৰে। মানুহৰ জন্মৰ পৰাই নিজৰ ব্যৰ্থতাক ডাকি ৰাখিবলৈ অন্য কাৰো আশ্ৰয় বিচাৰি। এইটো মানুহৰ জন্মগত বৈশিষ্ট্য। নিজৰ ব্যৰ্থতাৰ দায়িত্বভাৰ গতাই দিয়া ভাল বন্ধু ভাগ্যতকৈ দ্বিতীয় জন আৰু নাই।আমি বৃহৎ কাম এটা সম্পূৰ্ণ কৰি আহি কৈ আছোঁ যে ভাগ্যৰ সহায় নোলোৱাকৈ কামখিনি সম্পূৰ্ণ কৰিলোঁ। এতিয়া ভাগ্য বিশ্বাসী সকলে কথাষাৰ নাচক কৰি ক'ব তোমাৰ ভাগ্যত ইয়াৰ ফলাফল এইদৰে লিখা  আছিল বাবেই কৰিব পাৰিলা। আকৌ যদি বহি থাকি দিন পাৰ কৰি কৈছা- ভাগ্য বুলি একো নাই।কৰ্মই সকলো। এতিয়াও এই ভাগ্য বিশ্বাসী সকলে ক'বলৈ ধৰিব - তোমাৰ ভাগ্যত এয়া লিখা আছিল বাবে তুমি একো নকৰাকৈ দিন পাৰ কৰি আছা।তথাপিও ইয়াৰ মাজত কিছু" কিন্তু" থাকি যাব।ভাগ্যই যদি সকলো কিছু নিৰ্ধাৰণ কৰি দিয়ে তেনেহলে মই কম আমাৰ পূৰ্বপুৰুষ সকল বেয়া ভৱিষ্যতৰ অধিকাৰী আছিল।
তেওঁলোকে টিভি দেখা নাই , মোবাইল দেখা নাই তেনেহলে ইয়াৰ অৰ্থ ভাগ্য দিনক দিনে উন্নত হৈ আছে। মই ভগৱানক পূজা নকৰিলোঁ ।এয়া কি মোৰ ভাগ্যৰ লিখনি । মই সদায় অসৎকাৰ্যত লিপ্ত হৈ থাকো, মদ ,ভাং আদিৰ দৰে বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱন কৰোঁ এয়া কি মোৰ ভাগ্য।আমি ধৰ্ম লৈ কাজিয়া কৰি থাকো , মানুহক হত্যা কৰোঁ।  আত্মহত্যা কৰোঁ। এয়া কি মোৰ ভাগ্য।যদি এয়া হয় তেনেহ'লে ক'ব পাৰোঁ, আমাৰ সকলো অপৰাধ আৰু কু-কৰ্মৰ বাবে ভগৱানে দায়ী। কাৰণ তেওঁ মোৰ জন্মৰ আগতে মোৰ ভাগ্যত সকলো লিখি থৈছে। এতিয়া মই কম যে এই পৃথিৱীত আমি  যি কৰিছোঁ ইয়াত আমাৰ কোনো হাত নাই।আমি চেষ্টা কৰিছোঁ ভাল থাকিবলৈ কিন্তু ভাল  থাকিব পৰা নাই। কাৰণ আমাৰ ভাগ্যত লিখা আছে।আমি নিৰপৰাধ ! বাহ: বাহ: ভাগ্য!দেখো এতিয়া তুমি মোক স্বৰ্গলৈ নি যাব পাৰোঁ নেকি ?সকলো সময়তে ভাগ্য বা ভগৱানক  সুখ-দুখৰ কৃতিত্ব বা দোষ জাপি দিয়াটো নিতান্ত‌ই অযুক্তিকৰ এটা ভ্ৰম  সকলো ঘটনা-পৰিঘটনাৰে একোটা কাৰণ থাকে । সৰুৰেপৰা আমাক যদি কাৰণবোৰ বিশ্লেষণ কৰিবলৈ শিকোৱা হয় তেন্তে আমাৰ মন-মগজুৰ পৰা এই ভ্ৰমবোৰ আঁতৰি গৈ সেই ঠাই যুক্তিপূৰ্ণ ভাবনাবোৰ ভৰি পৰিব। মানুহৰ ওচৰত অসাধ্য সাধন হৈ থকা এই ডিজিটেল যুগত আমাৰ চিন্তাশক্তিক যুক্তিসংগত কৰি তুলিবলৈ অভ্যাসৰ দ্বাৰা আমি সক্ষম হ’ব লাগিব। তেতিয়াহে আমাৰ মানৱ জীৱন সম্পূৰ্ণ হ'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)