ধৰা ধামৰ পৰা
বাসৱৰ ধামলৈ গ'ল ।
সময়ৰ দণ্ড
গণনা কৰি থাঁকোতেই
১১টা বৰিষ হ'ল ।।
কায়িকভাবে নহ'লেও
অমিয়া সুৰ-কণ্ঠেৰে
বিলাই আছা সুগন্ধি তান ।
য'ত আছে পৱিত্ৰ
জননী অসমী আইৰ
জাতি আৰু ভাষাৰ প্ৰাণ ।।
একালত নিচেই ওচৰত
পাইছিলো অভাজনে
ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ নগৰত ।
অতি সন্তৰ্পনে
ভয় আৰু ভকতিৰে
প্ৰণাম জনাইছিলো পদকমলত ।।
সেইয়াই আছিল মোৰ
জীৱনৰ প্ৰথম আৰু
যৱনিকাৰ দৰ্শন ।
তাৰ পাছত লাহে লাহে
ধাৱমান ৰুগ্নতাৰ দিশে
স্নেহৰ সুধাৰ দেহ মন প্ৰাণ ।।
২০১৮ চনৰ
৩১ অক্টোবৰত
তোমাৰ সমাধিত বহি ।
অসমৰ জনতাক
কাব্য সাধনাৰে
চৰণত ধৰিলো সেৱা কৰি ।।
"শয়ন শয্যাত ভূপেনদা "
অনুপম সৃষ্টি হেনো
এই মূঢ়মতিৰ কলমৰ ।
ভূপেনদা নামৰ এই
জীৱন্ত ইতিহাস
চিৰযুগমীয়া অসমৰ ।।
✍️বসন্ত ওজা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ