প্ৰাৰ্থনা -নীল প্ৰজাপতি

0
তোমাৰ দৃষ্টিতে মই জী উঠো
তোমাৰ দৃষ্টিতে মই বিনাশ হও,
তোমাৰ অবিহনে 
মই ধূলিকণা মাথোঁ ।
ইফালৰ পৰা সিফাল 
সিফালৰ পৰা ইফাল, 
অভিশপ্ত মোৰ ইহকাল,
অভিশপ্ত মোৰ পৰকাল!
তোমাৰ নামতে সাৰ,
নামৰ বিনে নাহি আৰ। 
পাৰ কৰা কৰুণাময় দয়ানিধি
মুকুন্দ মাধৱ ৰাম মুৰাৰি 
এই জীৱন বৈতৰণীৰ নাওঁ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)