ভূমিকম্পৰ ধ্বংস-আলতাব হুছেইন

©Admin
0
সাগৰৰ সুগভীৰ বুকুৰ পৰা 
উঠে জোৱাৰ ভাঁটা 
ধ্বংসকাৰী ভূঁইকপে
হঠাৎ আহি মাৰে জোকাৰণি
মনুষ্যলোক হৈ পৰে নগুৰ- নাগতি ।

তুমি যে এক ধ্বংসৰ লীলা
হঠাৎ আহি বিপৰ্য্যয় কৰা 
দুখৰে সজা সুখৰ অট্টালিকা !  
আৰু যে কত কিছু ....!

তোমাৰ আতংকৰ বিৰাজত 
সেউজ ধৰণী হয় লণ্ডভণ্ড
 গছ-বিৰিখে নাচে হালি-জালি 
জৈৱজগত হয় নাভূত-নাশ্ৰুত ।

তুমি কিয়  ইমান নিষ্ঠুৰ ? 
তীব্ৰ গতিৰ বেগেৰে 
প্ৰবল শক্তিৰ স্কেল প্ৰয়োগ কৰি 
চিৰ-সুন্দৰে সুসজ্জিত কৰি ৰখা 
পাহাৰ - পৰ্বত  সেউজ বসুমতি 
কৰি যোৱা বিধ্বংস ।

তোমাৰ ধ্বংস লীলাৰ অদ্ভুত কাণ্ড দেখি 
জীৱকুলে খায় লটি-ঘটি 
তুমি কিয়  ইমান পাষাণ ? 
নিৰ্মমতাৰে  আতংকৰ বিৰাজ চলাই
যোৱা গৈ অহা বাটেৰে ধ্বংস কৰি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)